গোলাঘাট, 12 ডিচেম্বৰ : গোলাঘাটৰ শাঁওতলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । চাউল ভৰ্তি ট্ৰাকে মহতিয়ালে এখন স্কুটীক । দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী মহিলা । নিহত মহিলা গৰাকীৰ নাম পৰিণিতা কটকী বুলি জানিব পৰা গৈছে ।
আনহাতে সংকটজনক অৱস্থাত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ গুৰুত্বৰ ভাৱে আহত পাপৰি শইকীয়াক । এ এছ 01 কিউ 6102 নম্বৰৰ চাউল ভৰ্তি এখন ট্ৰাকে গোলাঘাট দিশৰ পৰা আহি থকা এ এছ05 পি 1042 স্কুটীখনক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । স্কুটী আৰোহী দুয়োৰে ঘৰ গোলাঘাটৰ মেলামৰাত । দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷