ETV Bharat / state

গোলাঘাটত পথ দুৰ্ঘটনা : এজন নিহত

author img

By

Published : Apr 19, 2021, 7:01 AM IST

গোলাঘাটত ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক ৷ যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী চিমন দাস ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

গোলাঘাটত পথ দুৰ্ঘটনা:এজন নিহত
গোলাঘাটত পথ দুৰ্ঘটনা:এজন নিহত

গোলাঘাট,19এপ্ৰিল : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পথ দুৰ্ঘটনাৰ ঘটনা ৷ দেওবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলনী গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আন এজন লোক ৷

গোলাঘাটত পথ দুৰ্ঘটনা:এজন নিহত

প্ৰাপ্ত খবৰ অনুসৰি,পঞ্জীয়ন বিহীন এখন নতুন এনফিল্ড বুলেট বাইকক মহতিয়াই নিয়ে এখন ডাম্পাৰে । যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী চিমন দাস । মৃত চিমন দাসৰ ঘৰ মৰঙিৰ ২ নং কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে । আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হয় বাস্তৱ ঠেঙাল নামৰ এজন লোক । ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে আহত বাস্তৱ ঠেঙালক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ ইফালে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ বাহন খনে ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.