গোলাঘাট, 6 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ বংকুৱালৰ কাঠনিবাৰী গাঁৱত শনিবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় লোকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰা, বোকাখাট ৰেঞ্জৰ অন্তৰ্গত কাজিৰঙাৰ সংযোজন কৰি ১৯০ বৰ্গ কিলোমিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে অঞ্চলটোৰ পুৰুষ মহিলা সকলো ঘৰৰ পৰা ওলাই আহি মথাউৰিৰ ওপৰতে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীসকলে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক শীঘ্ৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰো দাবী জনায় । অন্যথা আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিলে সংগঠনটোৱে ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি