গোলাঘাট, 5 মাৰ্চঃ বৃহস্পতিবাৰে গোলাঘাট আৰক্ষীয়ে আটক কৰে চাৰি জনকৈ বিলাসী চোৰক ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি গৰু চোৰ দীপক পাল, পিকু হুছেইন, বিশাল পাল আৰু কেশৱ প্ৰজাপতিয়ে ইনভা গাড়ীৰে চোৰাং গৰু সৰবৰাহ কৰে ৷ পথৰ কাষত নতুবা মুকলি ঠাইত চৰি থকা গৰুসমূহ ইন'ভা গাড়ীত ভৰাই লৈ চোৰে সম্পাদন কৰে চুৰি কাৰ্য। জনশূণ্য এলেকাত চৰি থকা চাৰিটাকৈ গৰু ইন'ভাত উঠাই লৈ যায় চাৰি চোৰে। উল্লেখ্য যে, গৰু চুৰিৰ লগত জড়িত কেশৱ প্ৰজাপতিক পূৰ্বতে আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছতেই এই তিনি চোৰ গোলাঘাট আৰক্ষীৰ জালত পৰে।
লগতে পঢ়কঃ বিধানসভাৰ মজিয়াত বাকযুদ্ধত লিপ্ত দুই জ্যেষ্ঠ অগপ নেতা