গোলাঘাট, 18 ছেপ্তেম্বৰ : অৱশেষত গোলাঘাট আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড ইৰফান কুৰেচি ওৰফে গুদু আলী । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এক গোপন অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত লোকজনক ৷
উল্লেখ্য় যে, ধৃত ইৰফান কুৰেচি ওৰফে গুদু আলীৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বহুতো অভিযোগ ৷ জিলাখনত সংঘটিত হোৱা বিভিন্ন সৰু-বৰ চুৰিকাণ্ডৰ লগত জড়িত হৈ আছিল অভিযুক্ত গুদু আলী ৷ আনকি, ধৃত গুদু আলীয়ে পুৰণি বাহন আন লোকৰ পৰা ক্ৰয় কৰি নথিপত্ৰ সমূহ সলনি নকৰাকৈ অপৰাধজনিত কাৰ্যত ব্যবহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে, 2 ছেপ্টেম্বৰত ধৃত গুদু আলিয়ে অন্য তিনিজন সহযোগীৰ লগত এখন চাৰিচকীয়া বাহনৰে দেৰগাঁও নগৰৰ ধৰমশালাৰ সমীপৰ ব্যৱসায়ী শিৱদয়াল তছনিৱালৰ ঘৰৰ সন্মুখত নিশা প্ৰায় 1 বজাত ব্যৱসায়ীজনৰ ঘৰত লুটপাট চলাইছিল ৷ তিনিজনীয়া ডকাইতৰ দলটোৱে তছনিৱালৰ ঘৰত প্ৰৱেশ কৰি ধন, টকা -পইছা লুট কৰাৰ লগতে তছনিৱালক চোকা অস্ত্ৰৰে তিনিটা আঙুলি কাটি দিয়াৰ লগতে মূৰত ঘপিয়াই গুৰুতৰভাবে আহত কৰাৰো অভিযোগ উত্থাপন হৈছিল ।
পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীয়ে গুদু আলী আৰু তাৰ সহযোগী কেইটাৰ সন্ধানত অভিযান চলাই আছিল যদিও অত্যন্ত চতুৰ গুদুৱে আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন চুৰি কাণ্ডত লিপ্ত হৈ থাকিবলৈ সক্ষম হৈছিল । ধৃত গুদু আলীয়ে বেলেগ বেলেগ চোৰ-ডকাইতৰ লগত সংযোগ ৰাখি গৰু-ছাগলী চুৰিৰ পৰা আৰম্ভ কৰি ডকাইতিলৈকে সকলো কাণ্ডতে মূল মাষ্টাৰমাইণ্ড হিচাপে কাম কৰি আহিছিল বুলি নিজ মুখে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : ৰূপহীহাটৰ জুৰীয়াত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু