গোলাঘাট 26এপ্ৰিলঃ গোলাঘাট নুমলীগড় ৰাজপথত দুজন শাৰিৰীক ভাৱে বিশেষ সক্ষম লোকৰ দুঃসাহসী কাৰ্য। নিজৰ ভৰি দুখনৰে খোজ কাঢিব নোৱাৰা লোক দুজনে। লক ডাউনৰ বাবে গোলাঘাটৰ নাওজানত আৱদ্ধ হৈ পৰা লোক দুজনৰ কেইবাশ কিলোমিটাৰ যাত্ৰা কৰে ৷ খোজ কাঢ়িব নোৱাৰা লোক দুজনে প্ৰায় চাৰিশ কিলোমিটাৰ পথ অতিক্ৰম কৰিব বিশেষভাৱে সক্ষম লোকৰ তিনিচকীয়া বাহনৰে। দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ আজি ১২টা দিন অতিক্ৰম কৰিলে ৷ লক ডাউনৰ সময়ছোৱাত বহু লোক ঘৰৰ পৰা বহু আঁতৰত আবদ্ধ হৈ পৰিছে। ঠিক একেদৰে খুজি মাগি পেট প্ৰৱৰ্তন কৰা এই দুজন লোকৰো একেই দশা।
শিলচৰৰ শাৰিৰীক ভাৱে সক্ষম লোক দুজনৰ নাম আলি হুছেইন আৰু আখটাৰ হুছেইন। চলন্ত ৰেলত ভিক্ষা খুজি পেট পোহপাল দিয়ে পৰিয়াল ৷ ৰেলেৰে উজনি লৈ আহি থাকোতে ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক ডাউন । তেতিয়াৰ পৰাই গোলাঘাটৰ নাওজানত আবদ্ধ হৈ পৰে লোক দুজন। কিন্তু ধৈৰ্যৰো এটা সীমা আছে, ৩৩ দিন আনৰ গৃহত আবদ্ধ হৈ পৰা লোক দুজনে প্ৰায় চাৰিশ কিলোমিটাৰ পথ হাতেৰে পেদেল মাৰি যোৱাৰ সংকল্প লয়।
পৰিয়ালৰ প্ৰতি চিন্তিত হৈ পৰা লোক দুজনে বৃহস্পতিবাৰে তিনিচুকীয়া দুখন চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি আজি উপস্থিত হয় নুমলীগড়ত। বৰ্তমান প্ৰায় ৯০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে বিশেষভাৱে সক্ষম লোক দুজনে। লোক দুজনে জানিবলৈ দিয়ে যে, ঈদৰ পূৰ্বে উপস্থিত হ'ব স্বগৃহত । যিহেতু কালিৰে পৰা আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। ৰমজান মাহৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ ৷ এই ঈদ পৰিয়ালৰ সৈতে একেলগে পালন কৰাৰ হেপাহ লোক দুজনৰ। যাৰ বাবে এক কঠিন আৰু বিপদ সংকুল যাত্ৰা হাতত লৈছে বিশেষভাৱে বিশেষ সক্ষম লোক দুজনে।
লগতে পঢকঃ জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাস্ক বিতৰণ