নমুলীগড়,16 জুনঃ বাঘজানৰ পিছত এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ চকু ঐতিহাসিক নুমলীগড়ৰ ওপৰত। এইবাৰ অইলৰ বুলড'জাৰ চলিল ঐতিহাসিক নুমলীগড়ত । অইল ইণ্ডিয়াৰ কৰ্ম কাণ্ডৰ বাবেই কছাৰী ৰাজত্বৰ শেষ অস্তিত্ব "নুমলীগড়" টো খান্দি দুচেও কৰি বহুৱাইছে অইলৰ পাইপ। স্থানীয় প্ৰশাসনৰ অগোচৰেই অইল ইণ্ডিয়াই নিজ খেয়ালখুচিত এনেদৰে ঐতিহাসিক নুমলীগড়টো কটা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নুমলীগড়ত।
লগতে পঢ়কঃ COVID19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য