গোলাঘাট, 7 জুনঃ শুকুৰবাৰে শ্ৰমিকৰ বৰ্ধিত মজুৰি আৰু বকেয়া ধন আদায় নিদিয়াৰ প্ৰতিবাদত বহু কেইটা শ্ৰমিক সংগঠনৰ লগতে নুমলীগড় শোধনাগাৰৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷
দীর্ঘদিনে শ্ৰমিক সকলৰ বকেয়া আৰু বৰ্ধিত মজুৰি দিম বুলি প্ৰতিশ্ৰুতি দি আহিছিল শ্ৰমিক সকলক । কিন্তু বৰ্তমানলৈকে সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবেই আজি শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে শোধনাগাৰৰ মুখ্যদ্বাৰ । প্ৰায় দুই শতাধিক শ্ৰমিকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদকাৰ্যসূচীত । পিচত ঘটনাস্থলীত আৰক্ষী আৰু শোধনাগাৰৰ বিষয়ববীয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।