গোলাঘাট,20 মে': গোলাঘাটৰ বিশিষ্ট উপন্যাসিকা প্ৰয়াত তুলিকা শইকীয়াৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৃতিচাৰণ সভা । গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ সৌজন্যত গোলাঘাট এমেচাৰ চচাইটি প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । সভাৰ আৰম্ভণিতে প্ৰয়াত উপন্যাসিকা গৰাকীৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়।
উক্ত সভাত সভাপতিত্ব কৰে এমেচাৰ থিয়েটাৰ চচাইটিৰ সভাপতি ডাঃ মানস ৰয়ে । উল্লেখ্য যে, তেওঁৰ প্ৰথমখন উপন্যাস "চাৰিশাল গোসাঁনীৰ তেজ " উপন্যাসৰ বাবে ২০১৪ মুনিন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত আধৰুৱা হৈ ৰোৱা তেওঁৰ মোৱামৰীয়া বিদ্ৰোহ বুৰঞ্জীমূলক উপন্যাস খনি তেওঁৰ কন্যা স্ৰোতশ্ৰিনী তামুলীয়ে সম্পূৰ্ণ কৰিব বুলি সভাত ব্যক্ত কৰে ।