গোলাঘাট, 1 অক্টোবৰঃ গোলাঘাটত পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত ভয়াবহ ঘটনা । এগৰাকী মহিলাক হত্যা কৰি পেলাই দিছিল ধাননি পথাৰত । যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ইজাজুল আলি আৰু ৰশ্মি দত্ত নামৰ মহিলা গৰাকী । হত্যাকাৰী ইজাজুলৰ ঘৰ গোলাঘাটৰ মইনাপাৰাত আৰু মৃত মহিলা গৰাকীৰ ঘৰ হাতীয়েখোৱাত ।
উল্লেখ্য যে হাতীয়েখোৱাৰ এটা বিস্কুট কাৰখানাত কাম কৰিছিল ইজাজুল আলিয়ে । ৰশ্মি দত্তৰ স্বামীয়েও কাম কৰিছিল একেটা বিস্কুট কাৰখানাতে । ইপিনে প্ৰায় ডেৰ বছৰৰ পৰা ইজাজুল আলি আৰু ৰশ্মি দত্তৰ মাজত আছিল অবৈধ প্ৰেম । কিন্তু দেওবাৰে হত্যাকাৰী ইজাজুলে ফৰকাটিঙৰ শিঙিজান পথাৰৰ বোকাত হেচি ধৰি হত্যা কৰে মহিলা গৰাকীক । ইতিমধ্যে হত্যাকাৰী ইজাজুল আলিক চুমনি আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছে ।