ETV Bharat / state

গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী - গোলাঘাট জিলাৰ বুঢ়ালিকচন চাহ বাগিছা

গোলাঘাট নগৰৰ পৱন বৰুৱা তিনি আলিত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী চাবলৈ ৰাইজৰ ভিৰ ৷ দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীটো অৱশেষত বন্দী হ'ল পিঞ্জৰাত ৷

গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী
গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী
author img

By

Published : Mar 14, 2020, 10:04 AM IST

গোলাঘাট, 14 মাৰ্চঃ গোলাঘাটত নিশা নাহৰফটুকী পিঞ্জৰাবদ্ধ ৷ গোলাঘাট জিলাৰ বুঢ়ালিকচন চাহ বাগিছাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো। বাগিচাখনৰ গৰাকী ৰাজু বৰুৱাই নিশা প্ৰায় ৮ বজাত বাগিচাত বাঘৰ গুজৰণি শুনিছিল আৰু তাৰ পিচতেৃ বাগিচা খনত স্থাপন কৰিছিল এটা পিঞ্জৰা। পিঞ্জৰা পতাৰ এঘন্টাৰ ভিতৰতে ছাগলী খাবলৈ আহি পিঞ্জৰাবদ্ধ হৈছিল প্ৰকাণ্ড বাঘটো। পিঞ্জৰাবদ্ধ হোৱাৰ পাছতেই ৰাজু বৰুৱাই নিজেই ব্যৱস্থা কৰি বন বিভাগৰ সহযোগত পিঞ্জৰাসহ বাঘটো লৈ যায় গোলাঘাট জিলা বন বিভাগৰ কাৰ্যালয়লৈ। নিশা গোলাঘাট নগৰৰ বৰুৱা তিনি আলিত নগৰৰ বহু লোকে প্ৰত্যক্ষ কৰে পিঞ্জৰাবদ্ধ বাঘটো। পাছত নিশা প্ৰায় ১২ বজাত লৈ যোৱা হয় বন বিভাগৰ কাৰ্যালয়লৈ । শনিবাৰে বাঘটো নামবৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে।

গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

লগতে চাওকঃ

জাগীৰোডত ড্ৰাগছসহ আটক এজন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.