ETV Bharat / state

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালেগৈ আৰক্ষী থানা

author img

By

Published : Jul 9, 2019, 5:04 PM IST

মাটি দখলক কেন্দ্ৰ কৰি শিক্ষকৰ প্ৰহাৰত তিনিদিন ধৰি চিকিৎসাধীন হ'বলগীয়া হ'ল নামঘৰীয়া । ন্যায় বিচাৰি গাঁওবাসীসহ নামঘৰীয়া উপস্থিত হ'ল আৰক্ষী থানাত ৷

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালে আৰক্ষী থানা

গোলাঘাট, 9 জুলাই : মাটি দখলক কেন্দ্ৰ কৰি শিক্ষকৰ প্ৰহাৰত তিনিদিন ধৰি চিকিৎসাধীন হ'বলগীয়া হ'ল নামঘৰীয়া । তাৰ পাচত ন্যায় বিচাৰি গাঁওবাসীসহ নামঘৰীয়া উপস্থিত হ'ল আৰক্ষী থানাত । এই দুখজনক ঘটনা গোলাঘাট জিলাৰ ৰজনাখাটত । ৰজনাখাট শংকৰ মাধৱ মিলনজ্যোতি নামঘৰৰ নামঘৰীয়াৰ পৰিয়ালে বিগত 75 বছৰে খেতি কৰি অহা এটুকুৰা মাটিৰ ওপৰত চকু পৰিল স্থানীয় শিক্ষক আনন্দৰাম দত্তৰ । জানিব পৰা মতে, নামঘৰীয়াই খেতি কৰি অহা পথাৰত বেদখল কৰিবলৈ যোৱা শিক্ষক দত্তই প্ৰায় এমাহ পূৰ্বে হাল বাইছিল মাটিডৰাত । শেহতীয়াভাৱে নামঘৰীয়াই হাল বাই ধান ৰুবলৈ সাজু হোৱাৰ দিনাই শিক্ষক দত্ত আৰু স্থানীয় লোক গৌতম হাজৰিকাই পথাৰতেই নামঘৰীয়া দেৱেশ্বৰ দাসক ডিঙিত গামোচাৰে চেপি চোঁচৰাই আনি এডাল বাঁহেৰে মাৰপিট কৰে ৷ যদিও ঘটনাৰ চিঞৰ শুনি গাঁওবাসী ওলাই অহাত নামঘৰীয়াক পথাৰতে এৰি পলায়ন কৰে শিক্ষকসহ দলটো ।

শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া পালে আৰক্ষী থানা

পাচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নামঘৰীয়াক ভৰ্তি কৰোৱা হয় গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ত । তিনি দিনৰ চিকিৎসাৰ অন্তত আৰোগ্য হৈ আজি চিকিৎসালয়ৰ পৰা আহি ন্যায় বিচাৰি গাঁওবাসীৰ সৈতে আৰক্ষী থানাত উপস্থিত হয় নামঘৰীয়া ।

Intro:Body:শিক্ষকৰ সন্ত্ৰাসত থাকিব নোৱাৰি নামঘৰীয়া আহি পালেহি আৰক্ষী থানা। মাটি দখলক কেন্দ্ৰ কৰি শিক্ষকৰ প্ৰহাৰত তিনিদিন ধৰি চিকিৎসাধীন হব লগা হল নামঘৰীয়া। তাৰ পাছত ন্যায় বিচাৰি গাঁওবাসীৰ লগত নামঘৰীয়া উপস্থিত হল আৰক্ষী থানাত। এই দুখজনক ঘটনা গোলাঘাট জিলাৰ ৰজনাখাটত। ৰজনাখাট শংকৰ মাধৱ মিলনজ্যোতি নামঘৰৰ নামঘৰীয়াৰ পৰিয়ালে বিগত 75 বছৰে খেতি কৰি অহা এটুকুৰা মাটিৰ ওপৰত চকু পৰিল স্থানীয় শিক্ষক আনন্দৰাম দত্তৰ। নামঘৰীয়াই খেতি কৰি অহা পথাৰত বেদখল কৰিবলৈ যোৱা শিক্ষক দত্তই প্ৰায় এমাহ পূৰ্বে হাল বাইছিল। শেহতীয়া ভাৱে নামঘৰীয়াই হাল বাই ধান ৰুবলৈ সাজু হোৱাৰ দিনাই শিক্ষক দত্ত আৰু স্থানীয় গৌতম হাজৰিকাই পথাৰতেই নামঘৰীয়া দেবেশ্বৰ দাসক ডিঙিত গামোচাৰে চেপি চোঁচোৰাই আনি এডাল বাঁহেৰে মাৰপিট কৰে। এই ঘটনাত চিঞৰ বাখৰ হোৱাত নামঘৰীয়াক পথাৰতে এৰি পলায়ন কৰে শিক্ষক সহ দলটো। নামঘৰীয়াক লগে লগে গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়লত ভৰ্তি কৰোৱা। চিকিৎসালয়ত আৰোগ্য লাভ কৰাৰ পাছত আজি চিকিৎসালয়ৰ পৰা আহি ন্যায় বিচাৰি আৰক্ষী থানাত গোচৰ তৰে নামঘৰীয়া আৰু স্থানীয় ৰাইজে। ৰাইজৰ দাবী নামঘৰীয়াক শাৰিৰীক ভাৱে অপদস্থ কৰা শিক্ষক আৰু তেওঁৰ সহযোগিক উচিত শাস্তি প্ৰদান কৰক।Conclusion:Byte_1_নামঘৰীয়া
Byte_2_স্থানীয় মহিলা
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.