ETV Bharat / state

পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

পুত্ৰৰ চিকিৎসাৰ খৰচ বহন কৰাৰ বাবে মাটি বাৰী বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা এটা পৰিয়ালৰ কাহিনী ৷ ইমানৰ পাছতো পুত্ৰৰ আৰোগ্য নোহোৱাত সহায় ভীক্ষা কৰিছে ৰাইজৰ

author img

By

Published : May 18, 2019, 12:13 PM IST

পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

গোলাঘাট, 18 মে': গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ ৫নং ৱাৰ্ডৰ বাসিন্দা ৰবিন্দ্ৰ বৰ্মন আৰু ফুলমতি বৰ্মনৰ ১৯ বছৰীয়া পুত্ৰ বিশ্বজিত বৰ্মন ৷ পৰিয়ালটোৰ তিনিটা সন্তানৰ ভিতৰত বৰ পুত্ৰ বিশ্বজিত নৱম শ্ৰেণীত পঢ়ি থাকোতেই আক্ৰান্ত হ'ল এক জটিল ৰোগত ৷ মাটি বিক্ৰী কৰি পুত্ৰৰ চিকিৎসা কৰোৱাত কিছু আৰোগ্য হয় যদিও দিন হাজিৰা কৰি পোৱা ধনেৰে ঘৰৰ যাৱতীয় খৰছ পৰ্যাপ্ত নোহোৱাত বিশ্বজিতে পঢ়া শুনা আধাতে সামৰি ঘৰ ৰং দিয়া কাম কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু কিছুদিনৰ পিছতেই পুনৰ স্নায়ুৰোগত আক্ৰান্ত হ'ল বিশ্বজিৎ ৷

পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

ইপিনে গোলাঘাট,যোৰহাট, ডিব্ৰুগড়ত চিকিৎসা কৰি সুফল নোপোৱাত গুৱাহাটীৰ জি এম চি এইছলৈ লৈ যোৱা হয় বিশ্বজিতক ৷ চিকিৎসকে চেন্নাইলৈ নিবলৈ কোৱাত সৰগ ভাগি পৰিল পৰিয়ালটোৰ মূৰত ৷ কিয়নো ইতিমধ্যে শেষ হ'ল মাটি বিক্ৰী কৰি পোৱা ধন ৷ বৰ্তমান আৰ্থিক দৈন্যতাত ভোগা পৰিয়ালটোৱে এসাজ খাই এসাজ উপবাসে থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷ তিনিবছৰ ধৰি চিকিৎসাৰ অন্তত বিফল হৈ ৰাজ্যৰ বাহিৰলৈ নি পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত বৰ্তমান সহায় ভীক্ষা মাগিছে পৰিয়ালটোৱে ৷

Intro:গোলাঘাটৰ এটা পৰিয়ালৰ পুত্ৰৰ ৰোগৰ চিকিৎসাত মাটি বাৰী বিক্ৰী কৰি সৰ্বস্বান্ত হল ৷ তথাপিও ৰোগীৰ আৰোগ্য নোহোৱাত অবশেষত সহায় ভীক্ষা কৰিছে ৰাইজৰ ৷Body:গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ ৫নং ৱাৰ্ডৰ বাসিন্দা ৰবিন্দ্ৰ বৰ্মন আৰু ফুলমতি বৰ্মন ১৯ বছৰীয়া পুত্ৰ বিশ্বজিত বৰ্মন ৷
পৰিয়ালটোৰ তিনিটা সন্তানৰ ভিতৰত বৰ পুত্ৰ বিশ্বজিত নৱম শ্ৰেণীত পঢ়ি থাকোতেই হল এক জতিল ৰোগ ৷ তেওঁলোকৰ এবিঘা মাটি বিক্ৰী কৰি পুত্ৰৰ চিকিৎসা কৰোৱাত কিছু আৰোগ্য হল যদিও দিন হাজিৰা কৰি পোৱা ধনেৰে ঘৰৰ যাৱতীয় খৰছ পৰ্য্যাপ্ত নোহোৱাত বিশ্বজিত য়ে দেউতাকৰ সহায়ৰ বাবে পঢ়া শুনা আধাতে সামৰি ঘৰ ৰং দিয়া কাম কৰিবলৈ ললে ৷ কিছুদিনৰ পিছতেই চফল ডেকা বিশ্বজিৎৰ পুনৰ স্নায়ুৰোগে ৷ আৰম্ভ হল পুনৰ চিকিৎসালয়লৈ দৌৰা দৌৰি ৷ গোলাঘাটত,যোৰহাট, ডিব্ৰুগড়ত চিকিৎসা কৰি সুফল নোপোৱাত গুৱাহাটীৰ জি এম চি এইছলৈ নিলে ৷ চিকিৎসকে চেন্নাইলৈ নিবলৈ কোৱাত পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰিল ৷ কিয়নো মাটি বিক্ৰী কৰি পোৱা ধন শেষ হল ৷ চৰকাৰী সুবিধা থকা কাৰ্ডৰ ধন মাত্ৰ দেৰ লাখ মানহে আছে ৷ সেই ধন ও চিকিৎসালয়ত হে খৰছ কৰিব পাৰিব ৷ ৰোগীক অনা নিয়া খোৱা বোৱা আদিত বহুত ধন লাগিব ৷ বৰ্তমান আৰ্থিক দৈন্যতাত ভোগা পৰিয়ালটোৱে এসাজ খাই এসাজ উপবাসে থাকিব লগা হৈছে ৷ তিনিবছৰ ধৰি পুত্ৰ চিকিৎসাৰ অন্তত বিফল হৈ ৰাজ্যৰ বাহিৰলৈ নি পুত্ৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভীক্ষা মাগিছে ৷
পৰিয়ালটোৱে ৷Conclusion:Byte 1 : মাতৃ
Byte 2 : পিতৃ
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.