মঙলবাৰ,3 ছেপ্টেম্বৰঃমঙলবাৰেও অব্যাহত আছে চাহ বাগিচা কৰ্মচাৰী সকলৰ প্ৰতিবাদ । গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰেও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।সদৌ অসম কৰ্মচাৰী পৰিষদৰ , চাহ কৰ্মচাৰী সংঘৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰে বাগিচা খনৰ সকলো কৰ্মচাৰীয়ে । বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।
নতুন দৰমহা নীতি প্ৰৱৰ্তনৰ কৰি দৰমহা বৃদ্ধি কৰিবৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰি মালিক পক্ষই প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰে । ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা দৰমহাৰ সংশোধনী হ'ব লাগিছিল যদিও ১৮ মাহে কৰ্মচাৰী লগত কোনো আলোচনাত মিলিত হোৱা নাই কৰ্তৃপক্ষ । যদি অতি সোনকালে এই সমূহ দাবী মানি নলয় ভৱিষ্যতে অসমৰ সকলো বাগিচা বন্ধ হয় যোৱাৰ উপক্ৰম ঘটিব বুলি হুংকাৰ প্ৰদান কৰে ৷