ETV Bharat / state

গোলাঘাটত স্বয়ম্ভু এম.বি.বি.এছ আটক

author img

By

Published : Nov 28, 2019, 9:52 AM IST

নিজকে এম.বি.বি.এছ বুলি পৰিচয় দি চিকিৎসক হোৱা এজন ভুৱা চিকিৎসকক আটক গোলাঘাটত ৷

গোলাঘাটত স্বয়ম্ভু এম.বি.বি.এছক আটক

গোলাঘাট, 24 নৱেম্বৰঃ গোলাঘাটত ৰঙাঘৰত সোমাল ভুৱা চিকিৎসক ৷ নিজকে এম.বি.বি.এছ ডাঃ ৰাজু চন্দ্ৰ হাতীকাকতি বুলি পৰিচয় দি চিকিৎসকৰ যাৱতীয় নথি পত্ৰ, পঞ্জীয়ন নম্বৰ আদি ভুৱাকৈ প্ৰস্তুত কৰি বিভিন্ন ঠাইত চিকিৎসক হিচাপে যোগদান কৰি জালত বন্দী কৰি আছিল বহুজনক ৷ তেওঁ বিভিন্ন চাহ বাগিচা, ফাৰ্মাচী আদিত চিকিৎসা সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কৌশলেৰে বিভিন্নজনৰ পৰা ধন সৰকাই আহিছিল ৷

গোলাঘাটত স্বয়ম্ভু এম.বি.বি.এছক আটক

গোলাঘাট নগৰৰ এখন ফাৰ্মাচীত চিকিৎসকৰ প্ৰয়োজন হোৱা বুলি বিজ্ঞাপন দি অতি কৌশলগতভাৱে স্থানীয় যুৱককেইজনমানে ভুৱা চিকিৎসকজনক কাৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ । গোলাঘাট আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনক অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখিছে ।

আৰু পঢ়কঃ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক: সাজি উলিয়ালে নাৰিকল ৰোকা যন্ত্ৰ

Intro:এইবাৰ গোলাঘাটত ওলাল মুন্না ভাই এম বি বি এচ । নিজকে এম বি বি এচ বুলি পৰিচয় দি বিভিন্ন জনক প্ৰৱঞ্চনা কৰি সোমাল ৰঙা ঘৰত । নিজকে ডাঃ ৰাজু চন্দ্ৰ হাতীকাকতি আৰু নাজিৰাত ঘৰ বুলি পৰিচয় দিয়া এই ভুৱা এম বি বি এচ টোক দুজনমান যুৱকে কৌশলেৰে কৰায়ত্ত কৰি গোলাঘাট আৰক্ষীক চমজাই দিয়ে । এজন এম বি বি এচ চিকিৎসকৰ যাৱতীয় নথি পত্ৰ, পঞ্জীয়ন নম্বৰ আদি ভুৱাকৈ প্ৰস্তুত কৰি বিভিন্ন ঠাইত চিকিৎসক হিচাপে যোগদান কৰাৰ নাটক ৰচনা কৰে এইজন মুন্না ভাই এম বি বি এচে । গোলাঘাট নগৰত ভাড়া ঘৰ কৰি থকা প্ৰৱঞ্চকটোৰ ঘৰ নাজিৰাত বুলি জনাই । বিভিন্ন চাহ বাগিচা ,ফাৰ্মাচী আদিত চিকিৎসা সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কৌশলেৰে ধন সৰকাই আহিছিল ৰাজু চন্দ্ৰ হাতীকাকতি নামৰ এই প্ৰৱঞ্চকটোৱে । শেহতীয়াকৈ বোকাখাতৰ ডিফলু চাহ বাগিচাত এজন চিকিৎসক হিচাবে যোগদান কৰিবৰ বাবে নথি পত্ৰ জমা দিয়ে । নথি পত্ৰ জমা দি দুই এজন কৰ্মচাৰীৰ সৈতে চিনাকী হৈয়ে ধন ধাৰলৈ বিচাৰে । কাৰণ দুদিনমানৰ পিছতে চাকৰিত যোগদান কৰিবই গতিকে চিন্তা কিহৰ । ডিফলু চাহ বাগিচাৰ সুনন্দন বড়ো নামৰ এইজন যুৱকৰ পৰা কৌশলেৰে সৰকাইছিল ৩০০০ টকা । ধন ধাৰলৈ লৈয়ে দি থৈ আহিছিল ৫০০০ টকাৰ বেংক চেক । ঠিক তেনেদৰে বৰজান চাহ বাগিচাৰ এইজন ফাৰ্মাচিষ্টৰ পৰাও সৰকাইছিল ৩০০০ টকা । এনেদৰে বহু কেইজনৰ পৰা ধন সৰকাই ঘূৰাই দিয়া নাছিল । তেওঁ দিয়া বেংকৰ চেকও বাউঞ্চ হৈছিল । সেয়ে ভুৱা এম বি বি এচক ধৰিবলৈ এইবাৰ এওঁলোকে ৰচনা কৰিলে এক নতুন কৌশল । গোলাঘাট নগৰৰ এখন ফাৰ্মাচীত এজন চিকিৎসকৰ প্ৰয়োজন বুলি মুন্না ভাই এম বি বি এচক ভুৱাকৈ জনাই দিয়া হল । মুন্না ভাই এম বি বি এচেও চাকৰি বিচাৰি গল উক্ত ফাৰ্মাচীলৈ । চিকিৎসক হিচাপে সেৱা আগবঢ়াবলৈ অহা ভুৱা চিকিৎসকক এইবাৰ কৰায়ত্ত কৰিলে যুৱক কেইজনে । গোলাঘাট আৰক্ষীক চমজাই দিয়া প্ৰৱঞ্চকটোক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।
Body:Byte_1_সুনন্দন বড়ো
Byte_2_ফাৰ্মাচিষ্ট,বৰজান চাহ বাগিচাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.