ETV Bharat / state

গোলাঘাটত অব্যাহত বালি-মাফিয়াৰ দপদপনি - দৈগ্ৰোঙ নদীত একাংশ বালি মাফিয়াই চলাইছে অবৈধ খনন

গোলাঘাট জিলাত জব্দ এখন জেচিবি আৰু চাৰিখন ডাম্পাৰ ৷ বাহনকেইখন অবৈধ বালি খননৰ লগত জড়িত আছিল ৷

golaghat four sand truck seized dfo
গোলাঘাটত জব্দ জেচিবিৰ লগতে বালি কঢ়িওৱা ট্ৰাক
author img

By

Published : Nov 30, 2019, 2:14 PM IST

গোলাঘাট, 29 নৱেম্বৰঃ গোলাঘাট জিলাত অব্যাহত আছে অবৈধ বালি মাফিয়াৰ দপদপনি ৷ জিলাখনৰ দৈগ্ৰোঙ নদীত একাংশ বালি মাফিয়াই চলাইছে অবৈধ খনন ৷ দৈনিক একাংশ শিল-বালি মাফিয়াই লুণ্ঠন কৰিছে বনজ সম্পদ ৷ শনিবাৰে গোলাঘাট জিলাৰ বন সংমণ্ডল বিষয়াই অভিযান চলাই এখন জেচিবিৰ লগতে চাৰিখন ডাম্পাৰ জব্দ কৰে ৷ ইয়াৰে এখন ডাম্পাৰ বালি ভৰ্তি অৱস্থাৰ লগতে আন তিনিখন খালি অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ্য যে, দীর্ঘদিনে দৈগ্ৰোঙ নদীত একাংশ বালি মাফিয়াই দপদপনি চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ৷ জিলাখনৰ বকিয়াল খণ্ড বিষয়া কাৰ্যালয়ৰ অধীনৰ দৈগ্ৰোঙ নদীত বন বিভাগৰ লগত একাংশ বালি মাফিয়াই মিতিৰালি কৰি অবৈধভাৱে খনন চলাই আহিছে ৷ যাৰ পৰিণতিত জীৱ-জন্তু,পশু-পক্ষীৰ বিচৰণৰ ঠাই ক্ৰমে হ্ৰাস পাই আহিবলৈ লৈছে ৷

গোলাঘাটত জব্দ জেচিবিৰ লগতে বালি কঢ়িওৱা ট্ৰাক

আন এক খবৰ : তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন 'কুঁহি'

উল্লেখ্যে যে, কিছুদিন পূৰ্বেও দৈগ্ৰোঙ নদীৰ বালি মহলৰ কেলেংকাৰীত জড়িত থকাৰ বাবে বহু কেইজন বন বিভাগৰ মুৰব্বী, বিষয়া আৰু মহলদাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ কিন্তু ইয়াৰ পাছতো দৈগ্ৰোঙ নদীত একাংশ বালি মাফিয়াই চলাই আহিছে খনন কাৰ্য ৷ য'ত বহু কেইজন বন বিষয়া জড়িত আছে , কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

Intro:গোলাঘাট দৈগ্ৰোঙয নদীত অবৈধ বালি মাফিয়াৰ দপদপনি ।। খান্দি তহিলং কৰিছে নদীৰ গড়া । নীৰৱ গোলাঘাট বন বিভাগ ।

গোলাঘাটৰ দৈগ্ৰোঙ নদীত চলাইছে একাংশ বালি মাফিয়াই বনজ সম্পদৰ অবাধ লুণ্ঠন । বন বিভাগৰ একাংশ বিষয়াৰ আশীষপুষ্ট বালি মাফিয়াই জেচিবি , এছকেভেটেৰে খান্দি তহিলং কৰিছে নদীৰ বক্ষ । এই দৃশ্য গোলাঘাট ৰ দৈগ্ৰোঙ নদীৰ । দৈনিক একাংশ শিল-বালি মাফিয়াই খান্দি তহিলং কৰি আবাধে চলাইছে বনজ সম্পদৰ লুণ্ঠন । গোলাঘাট বন সংমণ্ডল বিষয়া অভিযান চলাই দৈগ্ৰোঙ নদীত আৰু অভিযান কালত হাতেলুটে বালি খান্দি থকা অৱস্থাত এখন জেচিবি আৰু ,AS 05-C-8982,AS O5-C-7099,AS05-C-9314নম্বৰৰ চাৰিখন খন দাম্পাৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰে এখন AS05 C 5711 নম্বৰৰ দাম্পাৰ বালি ভৰ্ত্তি অৱস্থাত পাই আৰু আন তিনিখন খালি অৱস্থাত জব্দ কৰে । ইফালে দীর্ঘদিনে বকিয়াল খণ্ড বিষয়া কাৰ্যলয়ৰ অধীনৰ এই দৈগ্ৰোঙ নদীত বন বিভাগৰ লগত মিতিৰালী কৰি একাংশ বালি মাফিয়াই চলাই আহিছে খনন । ইফালে বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ বন বিষয়া জনৰ লগত গোপন বুজাবুজি কৰি দৈনিক শ শ ট্ৰাক বালি সৰবৰাহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । আনহাতে ইয়াৰ পূৰ্বেও এই দৈগ্ৰোঙ নদীৰ বালি মহলৰ কেলেংকাৰীত বহু কেইজন বন বিভাগৰ মূৰব্বী বিষয়া আৰু মহলদাৰে জেলৰ ভাত খাব লগা হৈছিল । কিন্তু ইমানৰ পিছতো পুনৰ এনেদৰে গোলাঘাট জিলাৰ একাংশ বন বিষয়া নামি পৰিছে বনজ সম্পদৰ লুণ্ঠনত । আৰু এতিয়া এই অবৈধ খননৰ ফলত দ্ৰুত গতিত হ্ৰাস পায় আহিছে বন্য প্ৰাণীৰ বিচৰণ ভূমি । বিপদ মাতি আনিছে হস্তীকুললৈ । যাৰ বাবে গোলাঘাট জিলাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । বনাঞ্চল এৰি জাকে জাকে বন্যহস্তীয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত । মূলত এতিয়া গোলাঘাট বন বিভাগে কি দৰে পৰৱৰ্ত্তী সময়ত কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয় ।Body:Byte 1 : ভাস্কৰ ডেকা (DFO , GOLAGHAT)Conclusion:গোলাঘাট পৰা চামিম আলি etv Bharat , অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.