ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে তচনচ কৰি গ'ল সমগ্ৰ অসম ৷ গোলাঘাটৰো বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰিলে উজনিৰ বানে । কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলয়ংকাৰী বানে । কাকডোঙা নৈৰ পাৰত বসবাস কৰি কুমাৰ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা প্ৰায় ডেৰশটা পৰিয়ালৰ জীৱিকাও নিশেষ হৈ গ'ল বিধ্বংসী বানত ।
প্ৰলয়ংকাৰী বান : নিঃশেষ 150 টা পৰিয়ালৰ জীৱিকা - assam news
গোলাঘাটৰো বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰিলে উজনিৰ বানে । কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলয়ংকাৰী বানে ৷
প্ৰলয়ংকাৰী বানৰ কবলত 150 টা পৰিয়ালৰ জীবিকা
ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে তচনচ কৰি গ'ল সমগ্ৰ অসম ৷ গোলাঘাটৰো বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰিলে উজনিৰ বানে । কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলয়ংকাৰী বানে । কাকডোঙা নৈৰ পাৰত বসবাস কৰি কুমাৰ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা প্ৰায় ডেৰশটা পৰিয়ালৰ জীৱিকাও নিশেষ হৈ গ'ল বিধ্বংসী বানত ।
Intro:ব্ৰহ্মপুত্ৰৰ প্ৰলংকাৰী বানে তচনচ কৰি গ'ল সমগ্ৰ অসম। বিশেষকৈ গোলাঘাট জিলাৰ বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰি নিলে উজনিৰ বানে। কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলংকাৰী বানে। ঠিক একে দৰে গোলাঘাটৰ কাকডোঙা নৈৰ পাৰত বসবাস কৰি কুমাৰ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা প্ৰায় ডেৰশটা পৰিয়ালৰ জীৱিকাও নিশেষ কৰি গ'ল বিধ্বংসী বানে। বানত নিশেষ হোৱা প্ৰায়বোৰে বিভিন্ন সাহায্য লাভ কৰিলে কিন্তু এই পৰিয়ালকেইটালৈ ঘূৰি নাচালে চৰকাৰ তথা জনপ্ৰতিনিধিসকলে।Body:প্ৰলংকাৰী বানৰ সন্মুখত অহা প্ৰতিটো বস্তুটোকে নিষ্ঠুৰ ভাৱে প্ৰলয় কৰি লৈ যায় সংহাৰী বানে। প্ৰায় বোৰ জীৱিকাৰ উৎসকে নিশেষ কৰিলে বানে। পশুধন পালন কৰা, কৃষক আদি সকলে লাভ কৰিলে সাহায্য কিন্তু বানে নিশেষ কৰি নিয়া মৃত শিল্পৰ লগত জড়িত কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰ্তি দৃষ্টি নপৰিল প্ৰশাসন, চৰকাৰৰ। গোলাঘাটত প্ৰথম অৱস্থাত কাকডোঙা নৈৰ বাঢ়ি পানীয়ে প্ৰভাৱিত কৰিছিল কাকডোঙা অঞ্চল। এই বানত অঞ্চলটোৰ শতাধিক খেতিয়ক আৰু কুমাৰ শিল্পৰ লগত জড়িত মানুহক কোঙা কৰি নিলে বানে। প্ৰথম অৱস্থাৰ এই বান শুকাবলৈ আৰম্ভ কৰোঁতেই ব্ৰহ্মপুত্ৰৰ বাঢ়ি পানীৰ ফলত পুনৰ বাৰ উফন্দি উঠিল কাকডোঙা নৈ। যাৰ ফলত দ্বিতীয় বাৰৰ বানে সৰ্বহাৰা কৰি তোলে কুমাৰ সকলক। উল্লেখযোগ্য যে বহাগ মাহৰ পৰা অহা ইজাকৰ পিচত সিজাক বৰষুণৰ ফলত গোলাঘাট জিলাৰ কাকডোঙা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ জীয়াই থাকিবৰ বাবে এমুঠি অন্নৰ বাবে হাবাথুৰি খাব লগা হৈছে। কুমাৰ শিল্পৰ লগত জড়িত লোক সকলৰ এতিয়া পাবলৈ নাই মাটিৰ পাত্ৰ তৈয়াৰ কৰা মাটি। ফলত দুৰ্ভোগ ভোগ কৰিব লগা হৈছে এই সকল কুমাৰ। এওঁ লোকৰ অভিযোগ এজনো জনপ্ৰতিনিধি এই পৰ্য্যন্ত খবৰ লবলৈ অহা নাই। কি দৰে জীবন নিৰ্বাহ কৰিছে এইসকল লোক চাবলৈয়ো আসৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ।Conclusion:Byte 1: যুৱক।
Byte 2: স্থানীয় ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Byte 2: স্থানীয় ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Jul 25, 2019, 6:37 PM IST