গোলাঘাট, 31 মাৰ্চঃ লক ডাউনৰ মাজতে গোলাঘাটত একাংশ ধুৰন্ধৰ ব্যৱসায়ীৰ মাছ ব্যৱসায়ৰ চেষ্টা ৷ এচামক আজিও নাকি লগাব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ লকডাউনে। বিশ্ববাসীৰ লগতে ভাৰততো কৰ'ণা ভাইৰাছৰ আতংকত মানুহে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। তেনে সময়তেই এচাম অসাধু ব্যৱসায়ীয়ে নিজ স্বাৰ্থৰ বাবে জলাঞ্জলী দিছে চৰকাৰী নিৰ্দেশনা।
গোলাঘাটত মঙলবাৰে দুখনকৈ মাছৰ পাইকাৰী দোকানে নিৰ্দেশ অৱমাননা কৰি খোলা ৰাখে। গোলাঘাট প্ৰশাসনৰ বিষয়টো অৱগত হোৱাৰ পিছতেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি জব্দ কৰে বৃহৎ পৰিমাণৰ মাছ আৰু বিভিন্ন সামগ্ৰী। লগে লগে ছীল কৰি দিয়া হয় দোকান দুখন। দোকান খনৰ গৰাকী আব্দুল মান্নান আৰু দাদুল আলিয়ে পলায়ন কৰে দোকানৰ পৰা।
লগতে চাওকঃ এটা দিনৰ ভিতৰত ভাৰতত সৰ্বাধিক কৰ'ণাত আক্ৰান্তৰ সংখ্যা