ETV Bharat / state

কেনে আছে ওড়িশাত অধ্যয়নৰত গোলাঘাটৰ ছাত্ৰী? চিন্তিত পৰিয়াল

ওড়িশাত ফেনীয়ে তাণ্ডৱ চলোৱাৰ সময়তে গভীৰ আশংকাত ভুগিবলগীয়া হৈছে গোলাঘাটৰ এটা পৰিয়াল ৷ ফেনীৰ ফলত ভুৱনেশ্বৰত অধ্যয়নৰত গোলাঘাটৰ এগৰাকী ছাত্ৰীৰ সৈতে যোগাযোগ কৰিব নোৱৰাত ছাত্ৰীগৰাকীৰ পৰিয়াল চিন্তিত হৈ পৰিছে ৷

ফেণীয়ে চিন্তাত পেলাইছে গোলাঘাটৰ এটা পৰিয়ালক
author img

By

Published : May 4, 2019, 7:25 PM IST

Updated : May 4, 2019, 7:37 PM IST

গোলাঘাট ,4মে': ফেনীৰ আতংকত এতিয়া আতংকিত গোলাঘাটৰ এটা পৰিয়াল । ওড়িশাৰ ভুৱনেশ্বৰত অধ্যয়ন কৰি থকা গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰীৰ সৈতে শুকুৰবাৰৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছে পৰিয়ালৰ । অনন্যা শইকীয়া নামৰ গোলাঘাট বেঙেনাখোৱাৰ ছাত্ৰীগৰাকীৰ পৰিয়াল এতিয়া গভীৰ অনিশ্চয়তাত । ভুৱনেশ্বৰৰ REGIONAL INSTITUTE OF EDUCATION ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰীগৰাকী থকা হোষ্টেলত শুকুৰবাৰে চলিছিল ফানীৰ তাণ্ডৱ । যাৰ বাবে শিক্ষয়িত্ৰী মাতৃ নৱমল্লিকা ফুকন শইকীয়া আৰু ব্যৱসায়িক পিতৃ দীপক শইকীয়াকে ধৰি পৰিয়ালটোৰ সকলোৱে এতিয়া অনন্যাক লৈ চিন্তিত হৈ পৰিছে ।

ফেণীয়ে চিন্তাত পেলাইছে গোলাঘাটৰ এটা পৰিয়ালক

উল্লেখ্য যে শুকুৰবাৰে পুৱা প্ৰায় ৮-৩০ বজাৰ পৰা আৰম্ভ হোৱা ফানীৰ তাণ্ডৱত ছাত্ৰীগৰাকীৰ হোষ্টেলটোৰৰ বহু ক্ষয়-ক্ষতি হয় যদিও ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ডাঙৰ অঘটন ঘটা নাই বুলি জানিব পাৰিছে পৰিয়ালটোৱে । আনহাতে শুকুৰবাৰে মাতৃৰ সৈতে এবাৰ ম'বাইলত যোগাযোগ হৈছিল যদিও শনিবাৰে কোনো যোগাযোগ নোহোৱাত গভীৰ আশংকাত থাকিব লগা হৈছে পৰিয়ালটো ।

Golaghat.04.05.2019
slug : as_glt_fani tense_vis1_7205572
as_glt_fani tense_byte1_7205572
as_glt_fani tense_byte2_7205572
O.C. ফণীৰ আতংকত আতংকিত গোলাঘাটৰ এটা পৰিয়াল । উৰিষ্যাৰ ভূৱনেশ্বৰত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে কালিৰে পৰা । অনন্যা শইকীয়া নামৰ গোলাঘাট বেঙেনাখোৱাৰ ছাত্ৰী গৰাকীৰ পৰিয়াল এতিয়া গভীৰ অনিশ্চয়তাত । ভূৱনেশ্বৰৰ RIE অৰ্থাৎ REGIONAL INSTITUTE OF EDUCATION ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী গৰাকী থকা হোষ্টেলত শুকুৰবাৰে চলিছিল ফণীৰ তাণ্ডৱ । ইফালে অহা ৭ মেৰ পৰা চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা । শিক্ষয়িত্ৰী মাতৃ নৱমল্লিকা ফুকন শইকীয়া আৰু ব্যৱসায়িক পিতৃ দীপক শইকীয়া আইতাক আদি সকলো আজি অনন্যাক চিন্তিত হৈ পৰিছে । উৰিষ্যা চৰকাৰক পৰিয়ালৰ দাবী শীঘ্ৰে বিদ্যুৎ সংযোগ কৰিব লাগে । বিদ্যুৎ সংযোগ হলেই মবাইলত যোগাযোগ কৰি চিন্তা দূৰ কৰিব পৰা হব বুলি চৰকাৰলৈ দাবী । শুকুৰ বাবে পূৱা প্ৰায় ০৮-৩০ বজাৰ পৰা আৰম্ভ হোৱা ফণীৰ তাণ্ডৱত হোষ্টেলৰ বহু ক্ষয় ক্ষতি হয় যদিও কথমপি ছাত্র ছাত্ৰী সকলৰ কোনো ডাঙৰ অঘটন ঘটা নাই বুলি জানিব পাৰিছে । কালি এই ঘটনাৰ পিছত মাতৃৰ সৈতে এবাৰ মবাইলত যোগাযোগ হৈছিল যদিও আজি কোনো যোগাযোগ নোহোৱাত গভীৰ আশংকাত থাকিব লগা হৈছে । পৰীক্ষা সন্দৰ্ভতো উৰিষ্যা চৰকাৰক এক উচিত ব্যৱস্থা লৱৰ বাবে অনন্যাৰ মাতৃ নৱমল্লিকা ফুকন শইকীয়াই দাবী জনায়।
Byte_1_মাতৃ
Byte_2_আইতাক
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Visual byte send by mojo.
Last Updated : May 4, 2019, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.