ETV Bharat / state

শোধনাগাৰৰ ভিতৰত গজৰাজৰ সদম্ভ বিচৰণ - নুমলীগড়ত হাতী-মানুহৰ সংঘাত

নুমলীগড় শোধনাগাৰত দিন দুপৰতে ওলাল বনৰীয়া হাতী ৷ তাণ্ডৱ চলালে শোধনাগাৰৰ চৌহদত ৷

দিন দুপৰতে ওলাল হাতী
author img

By

Published : Nov 16, 2019, 3:14 PM IST

নুমলীগড়, 16 নৱেম্বৰ: অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ দিন দুপৰতে নুমলীগড় শোধনাগাৰৰ চৌহদত প্ৰৱেশ বন্য হস্তীৰ ৷

ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক
দুখনকৈ মটৰচাইকেল লণ্ডভণ্ড

পুৱাৰ ভাগত এটা বন্যহস্তী অতৰ্কিতে প্ৰৱেশ কৰে নুমলীগড় শোধনাগাৰ চৌহদত ৷ চৌহদত প্ৰৱেশ কৰি দুখনকৈ মটৰচাইকেল ভাঙি লণ্ডভণ্ড কৰে হাতীটোৱে । এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় শোধনাগাৰ চৌহদত ৷

হাতীটোক খেদিবলৈ বন বিভাগ আৰু শোধনাগাৰ কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চৌহদতে বিচৰণ কৰি আছে হতীটোৱে ৷

নুমলীগড় শোধনাগাৰত দিন দুপৰতে হাতীৰ তাণ্ডৱ

উল্লেখ্য যে, নুমলীগড়ত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ তৎসত্বেও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ

Intro:গোলাঘাট নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত। দিন দুপৰতে নুমলীগড় শোধনাগাৰ ৰ চৌহদত এটা বন্য হস্তীৰ প্ৰৱেশ । আতংকময় পৰিৱেশ NRL ত ।

গোলাঘাট নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । আজি পুৱাৰ ভাগত এটা বন্যহস্তী অতৰ্কিতে প্ৰৱেশ কৰে নুমলীগড় শোধনাগাৰৰ চৌহদত। চৌহদত প্ৰবেশ কৰি ভাঙি লণ্ডভণ্ড কৰে দুখনকৈ মটৰচাইকেল । হাতীটোৰ প্ৰবেশক লৈ আতংকিত হৈ পৰে শোধনাগাৰৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষ । হাতী টোৰ শোধনাগাৰ চৌহদত প্ৰবেশ কৰা ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হয় ‌। হাতীটোক উলিয়াই পঠাবলৈ বন বিভাগ আৰু NRL কৰ্তৃপক্ষৰ চেষ্টা চলাই । এই পৰ্যন্ত NRL চৌহদতে বিচৰণ কৰি আছে হতীটোৱে । নুমলীগড়ত দিনক দিনে বৃদ্ধি পাইছে হস্তী মানৱৰ এনেধৰণৰ সংঘাত । কিন্তু চৰকাৰৰ বিয়াগোম বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা । সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা নাই কোনো ফলপ্ৰসূ ব্যৱস্থা । নুমলীগড়ৰ  দীৰ্ঘদিনীয়া  হস্তী মানৱৰ সংঘাতৰ  সমস্যাক ৰোধ কৰিবৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চৰকাৰক ।Body:Byte 1 : স্থানীয় বাসীন্দাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.