ETV Bharat / state

বন্য হস্তীৰ উপদ্ৰৱঃ ৰাইজে নজ্বলালে কাতিৰ বন্তি - কাতি বিহুৰ বন্তি

নিজৰ ঘৰখন, খেতি পথাৰখন ৰক্ষা কৰিবৰ বাবে ওৰেনিশা উজাগৰে থাকি হাতীৰ সৈতে যুঁজি আছে গোলাঘাট জিলাৰ মৰঙীবাসী ৰাইজে ৷ ৰাইজৰ এই দুৰ্দশাৰ পাছতো খবৰ লবলৈ আহৰি নাই বকিয়াল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বনকর্মী সকলৰ ৷

বন্যহস্তীৰ তাণ্ডৱঃঅসহায় মৰঙীবাসী
author img

By

Published : Oct 18, 2019, 6:40 PM IST

Updated : Oct 18, 2019, 7:42 PM IST

ব্যুৰ ৰিপৰ্ট,18 অক্টোবৰঃ শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ চহা কৃষক ৰাইজে পালন কৰিছে কাতি বিহু ৷ প্ৰায় সকলো গাঁৱৰে পথাৰ আৰু তুলসীৰ তলত জলিছে বন্তি ৷ কিন্তু গোলাঘাট জিলাৰ মৰঙী পথাৰত এইবাৰ নজ্বলিল কাতি বিহুৰ বন্তি ৷ বন্যহস্তীৰ সন্ত্ৰাসে জ্বলা-কলা খুৱাইছে মৰঙীবাসী ৰাইজক ৷ এটা ৭০/৮০জনীয়া বৃহৎ বন্যহস্তীৰ জাকে দৈনিক উপদ্ৰৱ চলাই আছে অঞ্চলটোত ৷ এই কঙালৰ বতৰতো ওৰেনিশা উজাগৰে থাকি নিজৰ ঘৰ খন,খেতিপথাৰ খন ৰক্ষাৰ বাবে যুঁজি থাকিব লগা হৈছে মৰঙীৰ এইসকল লোকে ৷ লখিমী আদৰিবলৈও হয়তো পথাৰত ধান নাপাব মৰঙীবাসীয়ে ৷ ৰাইজৰ এই দুৰ্দশাৰ পাছতো খবৰ লবলৈ আহৰি নাই বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকর্মী সকলৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ,খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ নাহে বন বিভাগে ৷

বন্যহস্তীৰ তাণ্ডৱঃঅসহায় মৰঙীবাসী

অনুৰূপ পৰিস্থিতি চামগুৰি অঞ্চলটো ৷ ৬ জনীয়া বন্যহস্তীৰ এটা জাকে দিনে নিশাই উপদ্ৰৱ চলাইছে চামগুৰিৰ গেন্ধালী,পদুমণি,ভৰাগুৰি আদিকে ধৰি বিভিন্ন অঞ্চলত ৷ শেষৰ কিছু দিনৰ পৰা জাকটোৱে এফালৰ পৰা ধ্বংস কৰি নিছে বিঘাই বিঘাই ধান খেতি ৷ লক্ষ্যণীয় যে , কিছুদিনৰ আগত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উদমাৰী উপখণ্ডৰ বনকৰ্মী উপস্থিত হৈছিল যদিও খেদিব নোৱাৰে হাতী, কিয়নো ৰাজ্যৰ বিয়াগোম বন বিভাগৰ হাতত হাতী খেদিবলৈ নাছিল বন্দুক ৷ ঢাল-তৰোৱাল বিহীন বন বিভাগৰ কৰ্মচাৰী কেইজনে ৰাইজৰ মাজত উপস্থিত হৈ বন্ধুকৰ অভাৱত হাতী খেদাৰ পৰিৱৰ্তে ৰাইজৰ সৈতে একেলগে পহৰাহে দিয়ে। বন বিভাগৰ কাণ্ডত স্থানীয় ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উচ্চপদস্থ বন বিষয়াক ধিক্কাৰ দিয়াৰ লগতে স্থানীয় উদমাৰী বন কাৰ্যালয়ৰ বনকৰ্মী কেইগৰাকীয়ে বন্দুকৰ অভাৱ থকা পাছতো প্ৰতিমূৰ্হুততে সহযোগিতা আগবঢ়াই যোৱা বাবে তেওঁলোকক আদৰণি জনাইছে । কিন্তু তাৰ বিপৰীতে শালনা আঞ্চলিক বন বিষয়াৰ আওকণীয়া মনোভাৱে বিতুষ্ট কৰি তুলিছে চামগুৰিৰ ৰাইজক ।
আনহাতে শুকুৰবাৰে বাক্সাত উদ্ধাৰ হ'ল তিনিমহীয়া এটা হাতী পোৱালিৰ মৃতদেহ ৷ পাহাৰৰ ওপৰৰ পৰা পিচলি পৰি হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷

লগতে পঢ়কঃমাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:গোলাঘাটত কাতি বিহুৰ আনন্দ উল্লাহ ম্লান পেলাইছে বন্যহস্তীয়ে । বন্য হস্তীৰ চৰণীয়া পথাৰ হোৱা মৰঙি পথাৰত নজ্বলিব কাতি বিহুৰ বন্তি ।
এই দৃশ্য গোলাঘাটৰ মৰঙি পথাৰৰ ।এটা ৭০/৮০জনীয়া বৃহৎ বন্যহস্তীৰ জাকে দৈনিক চলাইছে উপদ্ৰৱ । কাতি বিহুৰ দিবটোতো হাতে হাতে বলম,ফটকা লৈ বহু কষ্টৰে কৰা ধাননি পথাৰখন ৰক্ষা কৰিব লগীয়া হৈছে গাঁৱবাসী সকলে ।খবৰ নাই কাষতে লাগি থকা বকিয়াল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ । আজি কাতি বিহুৰ দিনাও উৰেনিশা উজাগৰে থাকি বৰ্তমান পৰ্যন্ত নিজৰ ঘৰ খন খেতিপথাৰ খন ৰক্ষা কৰিব লগীয়া হৈছে হৈছে মৰঙীৰ এইসকল লোকে । লখিমী আদৰিবলৈও নাপাব ধান এই সকল গাঁৱবাসীয়ে । ইমানৰ পিছতো বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ বনকর্মী সকলৰ খবৰ লবলৈ আহৰি নাই । খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ নহাৰ অভিযোগ স্থানীয় লোক সকলৰ ।Body:Byte 1 : স্থানীয় বাসীন্দাConclusion:গোলাঘাট পৰি চামিম আলি , etv Bharat , অসম
Last Updated : Oct 18, 2019, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.