ETV Bharat / state

গোলাঘাটত শক্তি বিভাগৰ আজৱ কাণ্ড - বাৰিচোৱা বুঢ়া গাঁৱ

বিদ্যুৎ সংযোগৰ এবছৰ পূ্ৰ্বেই সংস্থাপন কৰিলে মিটাৰ ৷ বিদ্যুতৰ খুটা নোপোতাকৈ তথা তাঁৰ নলগোৱাকৈয়ে এবছৰৰ পূৰ্বে গ্ৰাহকৰ গৃহত সংস্থাপন কৰা হ'ল বিদ্যুতৰ মিটাৰ বক্স ৷ এই মিটাৰ বক্সক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ ৷

গোলাঘাটত শক্তি বিভাগৰ আজৱ কাণ্ড
author img

By

Published : Oct 22, 2019, 4:40 PM IST

Updated : Oct 22, 2019, 5:11 PM IST

গোলাঘাট, 22 অক্টোবৰ: গোলাঘাটত শক্তি বিভাগৰ আজৱ কাণ্ড। এক নোহোৱা নোপজা ঘটনা সংঘটিত হৈছে গোলাঘাটৰ আঠখেলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাৰিচোৱা বুঢ়া গাঁৱত ৷ বিদ্যুতৰ খুটা নোপোতাকৈ তথা তাঁৰ নলগোৱাকৈয়ে এবছৰৰ পূৰ্বে গ্ৰাহকৰ গৃহত সংস্থাপন কৰা হ'ল বিদ্যুতৰ মিটাৰ বক্স ৷ এই মিটাৰ বক্সক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ ৷

Golaghat Electricity department shocking incident

ঘটনা অনুসৰি গাওঁখনৰ প্ৰায় চল্লিশটা পৰিয়ালৰ বাসগৃহত প্ৰায় এবছৰৰ পূৰ্বে স্থাপন কৰা হৈছিল বিদ্যুতৰ মিটাৰ ৷ বিদ্যুৎ সংযোগ হ'ব,পোহৰৰ মুখ দেখিব বুলি যোৱা এটা বছৰে অপেক্ষা কৰিলে গাওঁবাসীয়ে । কিন্তু আজিও গাওঁখনত হোৱা নাই বিদ্যুৎ সংযোগ ৷ যোৱা প্ৰায় এমাহৰ পৰা গাঁওখনত খুটা পুতিবলৈ আৰম্ভ কৰিছেহে। আজিও সংযোগ কৰা নাই তাঁৰ,স্থাপন কৰা নাই ট্ৰেন্সফৰ্মাৰ ৷ এবছৰৰ পূৰ্বে মিটাৰ স্থাপন কৰাত এতিয়া গাঁওবাসী শংকিত হৈ পৰিছে ৷ তেওঁলোকৰ ভয় বিদ্যুতৰ পোহৰ লাভ নকৰাকৈয়ে ভৰিব লাগিব নেকি বিদ্যুতৰ বিল ! সহজ সৰল গাঁওবাসীয়ে ইয়াকে লৈ চিন্তিত হৈ পৰিছে। ৰাইজৰ প্ৰশ্ন নৰেন্দ্ৰ মোডী চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কয়,বিদ্যুতৰ পোহৰে উজ্বলাই তোলাৰ শ্লগান দিয়ে। পৰিৱৰ্তনৰ শ্ল'গান দিয়ে,আধুনিক ভাৰত নিৰ্মাণৰ শ্ল'গান দিয়ে ৷ কিন্তু বাৰিচোৱাৰ বুঢ়া গাওঁ খনেই এই চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপটো উদঙাই দিছে ৷

লগতে চাওকঃকোকৰাঝাৰত নকল টকা বিতৰণ কৰি ৰঙাঘৰৰ আলহী গাঁও পঞ্চায়তৰ সদস্য

Intro:গোলাঘাটত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড । কাহানিও কতো নোহোৱা নোপজা ঘটনা সংঘটিত হৈছে গোলাঘাটত । বিদ্যুতৰ খুটা নোপোতাকৈ ,তাঁৰ নলগোৱাকৈ এবছৰৰ পূৰ্বে গ্ৰাহকৰ গৃহত সংস্থাপন কৰা হল বিদ্যুতৰ মিটাৰ বক্স । এই মিটাৰ বক্সক কেন্দ্ৰ কৰি শংকিত এখন গাঁৱৰ ৰাইজে ।
Body:কৈ নো কৈ থাকিলে ওৰকে নপৰে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কথা । এইবাৰ গোলাঘাটৰ এখন গাঁৱত বিভাগটোৱে সংঘটিত কৰিলে এটা আজৱ ঘটনা । বিদ্যুতৰ খুটা পোতা ,তাঁৰ সংযোগ কৰা এবছৰৰ পূৰ্বেই গ্ৰাহকৰ গৃহত স্থাপন কৰিলে বিদ্যুতৰ মিটাৰ বক্স । গোলাঘাট জিলাৰ আঠখেলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাৰিচোৱা বুঢ়া গাঁৱত সংঘটিত হৈছে এই আজৱ কাণ্ড । গাঁওখনৰ প্ৰায় চল্লিশ (৪০) টা পৰিয়ালৰ বাসগৃহত প্ৰায় এবছৰৰ পূৰ্বে স্থাপন কৰিলে বিদ্যুতৰ মিটাৰ । বিদ্যুৎ সংযোগ হব পোহৰৰ মুখ দেখিব বুলি যোৱা এটা বছৰে অপেক্ষা কৰিলে গাওঁবাসীয়ে । কিন্তু আজিও হোৱা নাই বিদ্যুৎ সংযোগ । যোৱা প্ৰায় এমাহৰ পৰা গাঁওখনত খুটা পুতিবলৈ আৰম্ভ কৰিছেহে । আজিও সংযোগ কৰা নাই তাঁৰ ,স্থাপন কৰা নাই ট্ৰেন্সফৰ্মাৰ । এবছৰৰ পূৰ্বে মিটাৰ স্থাপন কৰাত এতিয়া গাঁওবাসী শংকিত হৈ পৰিছে । বিদ্যুতৰ পোহৰ লাভ নকৰাকৈয়ে ভৰিব লাগিব নেকি বিদ্যুতৰ বিল । সহজ সৰল গাঁওবাসী এই লৈ এতিয়া শংকিত হোৱাৰ উপৰিও দুচিন্তাত দিন কটাব লগা হৈছে । ৰাইজৰ প্ৰশ্ন নৰেন্দ্ৰ মোডী চৰকাৰে ডিজিটেল ইন্দিয়াৰ কথা কয় , বিদ্যুতৰ পোহৰে উজ্বলাই তোলাৰ শ্লগান দিয়ে । পৰিবৰ্তনৰ শ্লগান দিয়ে , আধুনিক ভাৰত নিৰ্মাণৰ শ্লগান দিয়ে । বাৰিচোৱাৰ বুঢ়া গাওঁ খনেই এই চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপটো উদঙাই দিয়া নাই নে ।

Byte_1_স্থানীয় মহিলা
Byte_2_স্থানীয় ব্যক্তি
Byte_3_স্থানীয় ব্যক্তিConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
Last Updated : Oct 22, 2019, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.