ETV Bharat / state

ED and Income Tax Raid update: চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান

আয়কৰ আৰু ED ৰ এটা বৃহৎ দলে মঙলবাৰৰ পৰা পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈকে বাৰ্মিজ চুপাৰিৰ সদাগৰ বাবলুৰ বাসগৃহত তীব্ৰ অভিযান চলাই বহু নথিপত্ৰ তথা তথ্য সংগ্ৰহ কৰে ৷

golaghat-ed-and-income-tax-raid-at-bablu-supari-house-update
চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান
author img

By

Published : Aug 2, 2023, 5:04 PM IST

চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান

গোলাঘাট, 2 আগষ্ট : মঙলবাৰে পুৱতি নিশালৈকে আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান চলিল গোলাঘাট জিলাৰ আধাৰসত্ৰৰ চুপাৰি ব্যৱসায়ী আব্দুল হান্নান ওৰফে বাবলুৰ বাসগৃহত। জানিব পৰা মতে আয়কৰ আৰু ED ৰ এটা বৃহৎ দলে মঙলবাৰৰ পৰা পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈকে বাৰ্মিজ চুপাৰিৰ সদাগৰ বাবলুৰ বাসগৃহত তীব্ৰ অভিযান চলাই বহু নথিপত্ৰ তথা তথ্য সংগ্ৰহ কৰে ৷ অৱশ্য়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই অভিযানকাৰী দল দুটাই ৷

ইফালে অভিযান চলোৱা সময়চোৱাত বাবলু ঘৰত নাছিল যদিও বাসগৃহটোত থকা আন লোকসকলৰ উপস্থিতিত অভিযান চলোৱা হৈছিল ৷ উল্লেখ্য যে, আব্দুল হান্নান ওৰফে বাবলুৱে বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰ এক বৃহৎ সাম্ৰাজ্য গঢ় দিছিল গোলাঘাটৰ আধাৰ সত্ৰকে ধৰি বিভিন্ন স্থানত ৷

ইয়াৰ পিচতে আয়কৰ আৰু ED য়ে গোপন সূত্ৰৰ পম খেদি কৰ ফাঁকিৰে বাবলুৱে আৰু ক’ত ক’ত কিদৰে সা-সম্পত্তি গঢ় দিছে সকলো তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে ৷ আনহাতে বঙাইগাঁৱত এটা গোচৰত ২০২১ চনতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল বাৰ্মিজ চুপাৰি সদাগৰ বুলি অভিযোগ থকা আব্দুল হান্নান ওৰফে বাবলু।

তাৎপৰ্যপূৰ্ণ যে, অভিযোগ অনুসৰি দীৰ্ঘদিনে চুপাৰি চিণ্ডিকেটত জড়িত থকা আব্দুল হানানে তেওঁৰ বাসগৃহৰ সমীপতে কিছুদিন পূৰ্বে নিৰ্মাণ কৰিছিল এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিছিল বিদ্যালয়খন।

পূৰ্বতে তেওঁ লালী গুড়ৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল। বাবলুৱে চোৰাং চুপাৰি ছিণ্ডিকেট আৰু লালী গুড় ব্যৱসায়ৰ জৰিয়তে বৃহৎ কৰ ফাঁকিৰে আন বিশাল ব্যৱসায়ৰ সামাজ্য বিস্তাৰ কৰা অভিযোগ সৰ্বত্ৰে চৰ্চিত। গোলাঘাটৰ সমান্তৰালকৈ মঙলবাৰে পুৱাৰ পৰা দুপৰ নিশালৈ আয়কৰ আৰু ED য়ে যোৰহাট চঞ্চল কুণ্ডলিয়াৰ মালিকাধীন চুমন ট্ৰেন্সপৰ্টৰ লগতে তেওঁৰ ফ্লেটত অভিযান চলাইছিল ৷

লগতে পঢ়ক: Majuli Excise Depertment : খোল নাখায় মাজুলীৰ আবকাৰী বিভাগৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.