ETV Bharat / state

বিধানসভা নিৰ্বাচনত গোলাঘাটৰ পাঁচোটা সমষ্টিয়েই যাব বিজেপিৰ দখললৈ: অজন্তা নেওগ - খুমটাই সমষ্টি

বিজেপিত যোগদান কৰি বুধবাৰে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ অজন্তা নেওগৰ ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া সন্দৰ্ভতো মন্তব্য প্ৰদান নেত্ৰী গৰাকীৰ ৷

golaghat-district-five-constituency-to-go-bjp-in-assembly-polls-ajanta-neog
বিধানসভা নিৰ্বাচনত গোলাঘাটৰ 5 টা সমষ্টি বিজেপিৰ দখলত যাব
author img

By

Published : Dec 30, 2020, 8:03 PM IST

গোলাঘাট, 30 ডিচেম্বৰ : গেৰুৱা দলত যোগদান কৰিয়ে প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে বুধবাৰে গোলাঘাট জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে ৷ খুমটাই সমষ্টিৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা জিলা বিজেপিৰ কার্যনির্বাহক সভাই আদৰণি জনায় অজন্তা নেওগক । ইফালে, বিজেপি দলত যোগদান কৰাৰ পিচতে প্ৰথমবাৰৰ বাবে গোলাঘাটত উপস্থিত হোৱা অজন্তা নেওগক বিপুল আদৰণি জনায় গোলাঘাটৰ এসময়ৰ কংগ্ৰেছৰ সমৰ্থক তথা বৰ্তমান বিজেপিত যোগদান কৰা নেতাকৰ্মী সকলে ।

অজন্তা নেওগৰ মন্তব্য

বিধায়িকা গৰাকীক ৰঙাজানৰ পৰা বাইক ৰেলিৰে আদৰি এৰেঙাপাৰা গৃহলৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত খুমটাইত অনুষ্ঠিত হোৱা বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে অজন্তা নেওগে ৷

লগতে পঢ়ক : 21ৰ পৰা ২৩ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

আনহাতে, বিধায়িকা গৰাকীয়ে বিজেপি গমনৰ কাৰণ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন সন্দৰ্ভত উত্তৰ প্ৰদান কৰি তেওঁ কয় যে, তেওঁৰ লগতে সমষ্টিটোৰ প্ৰায়সমূহ কংগ্ৰেছৰ নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰিছে ৷ ইতিমধ্য‍ে, 100 মিছনৰ উদ্দেশ্যৰে‍ দলীয় কাম আৰম্ভ কৰা বুলিও মন্তব্য প্ৰদান কৰে নেত্ৰী গৰাকীয়ে ৷

ইফালে, আগন্তক নিৰ্বাচনত গোলাঘাটৰ 5 টা সমষ্টি বিজেপিৰ দখললৈ অহাটো নিশ্চিত বুলি‍ জনালে অজন্তা নেওগে ৷ উল্লেখ্য যে, ৰিপুন বৰাৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজন্তা নেওগে‍ কয় যে, মোৰ স্বামীৰ নামটো ৰাজনৈতিকভাৱে সাঙুৰি লোৱাটো ভাল হোৱা নায় । ভাৰতীয় জনতা পাৰ্টীয়ে যি দ্বায়িত্ব দিয়ে তাক নিষ্ঠা সহকাৰে পালন কৰি দলটোৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম বুলি জনাই প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ৷

লগতে পঢ়ক : পূব- কামৰূপ মহাবিদ্যালয় অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.