ETV Bharat / state

কেব বিৰোধী আন্দোলনে মূৰৰ কামোৰণি বৃদ্ধি কৰিছে গোলাঘাট প্ৰশাসনৰ - জৰুৰী সভা

কেব বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ ৰাখি গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সকলো দল সংগঠন, বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক লৈ এক জৰুৰী সভাৰ আহ‌্বান কৰে ৷ সভাত গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

সভাত গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়
কেব সম্পৰ্কে গোলাঘাট প্ৰশাসনৰ জৰুৰী সভা আহ্বান
author img

By

Published : Dec 7, 2019, 11:59 PM IST

গোলাঘাট, 7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ সমান্তৰালকৈ মূৰৰ কামোৰণি বৃদ্ধি হৈছে চৰকাৰ তথা প্ৰশাসনৰ ৷ গোলাঘাটত শনিবাৰে পুৱাৰে পৰা বিভিন্ন সংগঠন তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । একাংশ প্ৰতিবাদী ছাত্ৰ আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয় ৷ এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সকলো সংগঠন, বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক লৈ এক জৰুৰী সভাৰ আহ‌্বান কৰে ।

সভাত উপায়ুক্ত ধীৰেন হাজৰিকাই জনাই যে, অসম চৰকাৰে শান্তিপূৰ্ণভাৱে কৰা প্ৰতিবাদক কোনো ধৰণৰ বাধা নিদিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে । সেয়ে গোলাঘাট প্ৰশাসনে সকলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । তদুপৰি ৰাইজক আইন হাতত তুলি নলবলৈ অনুৰোধ জনায় । সভাত উপস্থিত থকা সংগঠন সমূহৰ বহুকেইজন নেতাই আন্দোলন সম্পৰ্কে বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে । বিশেষকৈ প্ৰশাসনক ছ’চিয়েল মিডিয়াত আন্দোলনক লৈ কৰা বিৰূপ মন্তব্যৰ প্ৰতি সজাগ থাকিবলৈ অনুৰোধ জনায় সংগঠনৰ বিষয়ববীয়াসকলে । প্ৰত্যুত্তৰত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙেও ছ’চিয়েল মিডিয়াত নজৰ ৰখা বুলি উল্লেখ কৰে ৷ তথা সকলোকে‌ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

কেব সম্পৰ্কে গোলাঘাট প্ৰশাসনৰ জৰুৰী সভা আহ্বান

লগতে চাওকঃকেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল বাংলাদেশী : বিধায়ক শিলাদিত্য

Intro:Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ যিমানেই তীব্ৰ ৰূপ ধাৰণ কৰিছে সিমানেই মূৰৰ কামনি হৈ পৰিছে চৰকাৰ তথা প্ৰশাসনৰ। গোলাঘাটত আজি পুৱাৰে পৰা সংগঠন, ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে। আৰক্ষীৰ লগত হতাহতিত লিপ্ত হয় প্ৰতিবাদী ছাত্ৰ সমাজে। এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংগঠন, বিশিষ্ট ব্যক্তি সাংবাদিকক লৈ এক জৰুৰী সভা আহ‌্বান কৰে। সভাত উপায়ুক্ত ধীৰেন হাজৰিকাই জনাই যে অসম চৰকাৰে শান্তি ভাৱে কৰা প্ৰতিবাদক কোনোধৰণৰ বাধা নিদিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। গোলাঘাট প্ৰশাসনৰ আহ্বান গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰক। আইন হাতত তুলি নলবলৈ অনুৰোধ। সভাত উপস্থিত থকা সংগঠনৰ বহু নেতাই আন্দোলনৰ ওপৰত বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে। বিশেষকৈ চচিয়েল মিডিয়াত আন্দোলনক লৈ কৰা বিৰূপ মন্তব্যৰ প্ৰতি প্ৰশাসনক সজাগ থাকিবলৈ আহ্বান জনাই সংগঠনৰ বিষয় ববীয়াই। এইক্ষেত্ৰত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংও চচিয়েল মিডিয়াত নজৰ ৰখা বুলি জনাই আৰু সকলোকে‌ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।Conclusion:Byte 1: DC, Golaghat
Byte 2: SP, Golaghat
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.