ETV Bharat / state

লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক গোলাঘাট জিলা প্ৰশাসনৰ সম্বৰ্ধনা - লাভলীনা বৰগোঁহাই বাতৰি

জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইৰ বাসগৃহত উপস্থিত জিলা উপায়ুক্ত সহ প্ৰশাসনৰ এটি দল ৷ লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰে দলটোৱে ৷

golaghat-district-administration-felicitated-to-parents-of-lovlina-bargohain
লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক গোলাঘাট জিলা প্ৰশাসনৰ সম্বৰ্ধনা
author img

By

Published : Aug 8, 2021, 10:20 PM IST

Updated : Aug 9, 2021, 9:00 AM IST

সৰুপথাৰ, 8 আগষ্ট : ছেমি ফাইনেলত পৰাজয় বৰণ কৰিও অসমৰ বাবে অলিম্পিকত নতুন যুগৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰীড়াৰ মহাৰণ অলিম্পিকলৈ গৈ মাত্ৰ 23 বছৰ বয়সতেই আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক ৷ লাভলীনাৰ সফলতাত সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীও উৎফুল্লিত হৈ পৰিছে ৷

দেওবাৰে লাভলীনাৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃক সম্বৰ্ধনা জনালে গোলাঘাট জিলাৰ উপায়ুক্তসহ জিলা প্ৰশাসনৰ এটি দলে ৷ দেওবাৰে লাভলীনা বৰগোহাঁইৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত থকা বাসগৃহত উপস্থিত হৈ খেলুৱৈ গৰাকীৰ পিতৃ-মাতৃক অভিনন্দন জ্ঞাপন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে ৷

উপায়ুক্ত গৰাকীৰ লগত যোৱা দলটোত আছিল ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ আৰু জিলা তথা মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া ৷ প্ৰশাসনৰ তৰফৰ পৰা খেলুৱৈগৰাকীৰ পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামণি বৰগোঁহাইক একোখনি ফুলাম গামোচা আৰু এখনি শৰাইৰে সম্ভাষণ জনোৱা হয় ৷

লগতে পঢ়কঃ অলিম্পিকৰ পদক বিজয়ী লৈ BYJU-ৰ বিশেষ উপহাৰ

ইপিনে সমগ্ৰ অসমবাসীৰ বুকু গৌৰৱেৰে ওফন্দাই তোলা অসমকন্যা লাভলীনাই সোমবাৰে দেশৰ মাটিত ভৰি দিব ৷ সোমবাৰে দিনৰ 3 বজাত লাভলীনাসহ অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈৰ দলটো অৱতৰণ কৰিব দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত । দেশৰ মাটিত ভৰি দিয়েই ভাৰতীয় দলটোৱে সাক্ষাৎ কৰিব দেশৰ ক্ৰীড়া মন্ত্ৰীক ৷

লাভলীনাক স্বাগতম জনাবলে সম্প্ৰতি দিল্লীত বাহৰ পাতি আছে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লীত দুদিন কটাই 11 আগষ্টত নিজ মাতৃভূমি অসমলৈ আহিব লাভলীনা বৰগোহাঁই ৷ লাভলীনাক আদৰিবলৈ ইতিমধ্যে বৰঝাৰ বিমান বন্দৰৰ পৰাই আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি ৷

আনহাতে, 14 আগষ্টত লাভলীনা গুৱাহাটীৰ পৰা পুণৰ ৰাওনা হ’ব দিল্লীলৈ । 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লাভলীনাসহ পদকপ্ৰাপ্ত সকলো খেলুৱৈকে সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়কঃ লাভলীনা আহি আছে...

Last Updated : Aug 9, 2021, 9:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.