ETV Bharat / state

গোলাঘাটৰ মৰাপাটৰ বেগৰ ব্যৱসায়ে দখল কৰিছে বিশ্বৰ ৩৫ খন দেশৰ বজাৰ - মৰাপাট বেগৰ ব্যৱসায় আৰম্ভ

Self reliant with bag business : মৰাপাটে দখল কৰিছে বিশ্বৰ বজাৰ । ২০০০ বৰ্ষত আৰম্ভ কৰা এটা ব্যৱসায়ে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল তথা যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদনৰ মজিয়াত এই ব্যৱসায়ৰ মূল ব্যক্তি গোলাঘাটৰ যুৱক চৈয়দ বাদ্ৰোল আছাদক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।

Couple become self reliant with bag business
মৰাপাটে দখল কৰিছে বিশ্বৰ বজাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:33 AM IST

মৰাপাটে দখল কৰিছে বিশ্বৰ বজাৰ

গোলাঘাট, ২৩ ডিচেম্বৰ : এটা সৰু কোঠাৰ পৰা আৰম্ভ কৰা এটা সৰু ব্যৱসায় । কিন্তু দেখাত সৰু যেন লাগিলেও এই কোঠাটোত প্ৰস্তুত কৰা সামগ্ৰীয়ে এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । গোলাঘাটৰ ৩ নং ৰে’লগেটৰ সমীপৰ চৈয়দ বাদ্ৰোল আছাদ (Syed Badrul Ashad) আৰু চায়েদা ফাতেমা বিন্ত মাজিদ (Syeda Fatema Bint Mazid) নামৰ এটা দম্পতীয়ে নিজ গৃহতে আৰম্ভ কৰিছে মৰাপাটৰ পৰা প্ৰস্তুত কৰা বেগ ।

FDS বেগ এণ্ড ক্ৰাফট কোম্পানী নামেৰে নামাকৰণ কৰি যোৱা ২০০০ বৰ্ষৰ লক ডাউনৰ সময়ছোৱাৰে পৰা আৰম্ভ কৰিছে এই মৰাপাট বেগৰ ব্যৱসায় । মাত্ৰ ৪০,০০০ হেজাৰ টকাৰে আৰম্ভ কৰা এই বেগৰ ব্যৱসায়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও বৰ্তমান বিশ্বৰ ৩৫ খন দেশত ভাৰতীয় ডাকৰ জৰিয়তে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।

এইখিনিতে এটা কথা উল্লেখ্য কৰা প্ৰয়োজন যে, কেন্দ্ৰীয় চৰকাৰ ৰে’ল তথা যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৪ ডিচেম্বৰত ৰাজ্যসভাত গোলাঘাটৰ চৈয়দ বাদ্ৰোল আছাদৰ কথা উত্থাপন কৰি প্ৰশংসা কৰে । এই মৰাপাটৰ বেগৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে ৷ কেৱল ৰাজ্যতে নহয় আমেৰিকা যুক্তৰাষ্ট্ৰলৈয়ো ইয়াৰ ৰপ্তানি হৈছে । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে যুৱ ব্যৱসায়ী চৈয়দ বাদ্ৰোল আছাদে ৷

বিগত বছৰত ৪০ লাখ টকাৰ ব্যৱসায় কৰিছে যদিও এই বছৰতে আৰু দুগুণ ব্যৱসায় কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে যুৱ ব্যৱসায়ী আছাদে ৷ কিয়নো চলিত বৰ্ষত তেওঁক সহায়ৰ হাত আগবঢ়াইছে অসম চৰকাৰ আৰু নৰ্থ ইষ্ট কাউন্সিলে(NETFI) । যাৰ জৰিয়তে এই মৰাপাটৰ বেগসমূহ বিদেশত আৰু বেছিকৈ চাহিদা পূৰণ কৰিব পাৰিব বুলি জানিব দিয়ে । কেৱল ইমানেই নহয় এই বেগসমূহ সৰ্বপ্ৰথমে ফ্লিপকাৰ্ট, এমাজন, স্নেপডিল আদি জনপ্ৰিয় অনলাইন ব্যৱস্থাৰ জৰিয়তে ব্যৱসায়টোৱে স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

দুয়োগৰাকী স্বামী-স্ত্ৰী আইন বিভাগত শিক্ষা গ্ৰহণ কৰিছে যদিও নিজ গৃহতে মৰাপাট বেগৰ ব্যৱসায় আৰম্ভ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ৷ দম্পতীটোৰ এই কৰ্ম নিদৰ্শনে বৰ্তমান বহু নিবনুৱা যুৱক-যুৱতীক আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছে ৷

লগতে পঢ়ক : নৱবৰ্ষত পাৰ্টী কৰোঁতে সাৱধান; ৰাজপথত থাকিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ আৰু ব্ৰেথ এনালাইজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.