গোলাঘাট, 28 ডিচেম্বৰ : গোলাঘাটত জিলা কংগ্ৰেছে সোমবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । কংগ্ৰেছৰ কাৰ্যালয় ছীল কৰাৰ বিৰোধিতাৰে কংগ্ৰেছে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
বুধবাৰে গোলাঘাট বিধানসভা সমষ্টিৰ গমাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল কৰিছিল জিলা প্ৰশাসনে । ইয়াৰে প্ৰতিবাদত সোমবাৰে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছে । প্ৰতিবাদকাৰীসকলে অজন্তা নেওগ গ'বেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বি জে পি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অতি শীঘ্ৰে প্ৰশাসনক কংগ্ৰেছ কাৰ্যালয় খুলি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: কৃষি আইন বাতিল নকৰিলে পুনৰ অনশনত বহিব আন্না হাজাৰ