ETV Bharat / state

গোলাঘাট অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

author img

By

Published : Apr 4, 2020, 1:02 PM IST

শুকুৰবাৰে গোলাঘাটত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বুজ লয় সামগ্ৰিক পৰিস্থিতিৰ । স্বাস্থ্য মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা,মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, ৰ’জলীনা তিৰ্কীৰ লগতে জিলাখনৰ ভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়াই ।

golaghat civil hospital visit health minister
গোলাঘাট অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

গোলাঘাট,4 এপ্ৰিলঃ শুকুৰবাৰে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰিৱেশৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছত গোলাঘাট আৱৰ্ত ভৱনত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ক’ভিড 19 ত আক্ৰান্ত ৰোগী মানৱ বোমা সদৃশ বুলি উল্লেখ কৰে ৷ গোলাঘাটত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ১৯ জন ব্যক্তিৰ ভিতৰৰ ৮ জনৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ব্যক্তিকেইজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷ ইয়াৰ উপৰি কৰ’ণা সংক্ৰমিত লোকসকলৰ লগত সম্পৰ্কিত অন্য ব্যক্তি সকলকো কোৱাৰেণ্টাইনত ৰখা হয় ৷ উল্লেখ যে, চিকিৎসালয়খনত ভৰ্তি হৈ থকা ক’ভিড 19 ৰ ৰোগীসকলে নিজৰ ৱাৰ্ডৰ পৰা খিৰিকীৰে জধে-মধে থুৱাই থকা কাৰ্যৰ দুখ প্ৰকাশ কৰাৰ লগতে আন লোক সংক্ৰামিত হোৱাৰ আশংকা ব্যক্ত কৰে ৷ সেয়ে ৰোগীসকলক আত্মীয়ক বুজাবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

আনহাতে,খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সমষ্টিত দুজন লোকৰ সংক্ৰমণৰ কথা ব্যক্ত কৰে বিধায়ক গৰাকীয়ে । সেয়ে সুৰক্ষাজনিত কাৰণত দেৰগাঁৱৰ দীঘলীপাম গাঁৱৰ সীমা ছীল কৰি দিয়ে প্ৰশাসনে । ইয়াৰ উপৰি জিলাখনৰ মেৰাপানী আৰু মৰঙীৰ সীমা বন্ধ কৰি প্ৰত্যেকৰে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি জানিব দিয়ে খুমটাইৰ বিধায়ক গৰাকীয়ে ।

খুমটাইত কৰ’ণাত আক্ৰান্ত 8 জন

লগতে চাওকঃ ধেমাজিত চৰকাৰী সাহায্য বিতৰণৰ নামত ব্যাপক লুণ্ঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.