গোলাঘাট,27 আগষ্টঃপৱিত্ৰ ভাদ মাহ উপলক্ষে কেৱল নামঘৰ বা মন্দিৰতেই নহয় ,গোলাঘাটৰ বৃদ্ধাশ্ৰমতো লোৱা হৈছে ভাদ মাহৰ নাম ৷ গোলাঘাট বেঙেনাখোৱাৰ বৃদ্ধাশ্ৰমত থকা 16 গৰাকী ককা-আইতাই প্ৰতিদিনেই লয় ভগৱানৰ নাম । গোলাঘাট বৃদ্ধাশ্ৰমত অলপতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ উপস্থিত হৈ বৃদ্ধাশ্ৰমৰ ককা আইতালৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ পাচত বৃদ্ধাশ্ৰম খনত উপস্থিত হয় গোলাঘাট জিলা ব্ৰাহ্মণ যুৱ পৰিষদৰ বিষয়ববীয়াসকল । আশ্ৰমখনৰ সকলো বয়োজ্যেষ্ঠক একোখনকৈ গামোচাৰে সম্ভাষণ জনোৱাৰ পাছত প্ৰত্যেক গৰাকী বৃদ্ধ-বৃদ্ধাক একোটাকৈ টিনৰ বাকচ আৰু লঘু আহাৰ প্ৰদান কৰে ।
বৃদ্ধাশ্ৰমত থকা ককা আইতাৰ নিজা ববীয়াকৈ নিজৰ কাপোৰ বা অন্যান্য সামগ্ৰী থ'বলৈ তেনে কোনো সুবিধা নাছিল । সেয়ে গোলাঘাট ব্ৰাহ্মণ যুৱ পৰিষদে প্ৰদান কৰা এই বাকচ লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে ককা আইতাসকল ।