গোলাঘাট, 13 এপ্ৰিলঃ ৰঙালী বিহুৰ আগমনত এতিয়া প্ৰতিজন অসমীয়াৰ মন আনন্দত মতলীয়া । প্ৰতিজন অসমীয়া এতিয়া ব্যস্ত ৰঙালীক আদৰাৰ । গোলাঘাটৰ মৰঙিতো তাৰ ব্যতিক্ৰম নহয় । ৰঙালীক আদৰাৰ এই মূহুৰ্তত মৰঙিত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালাৰ ।
কণ কণ শিশুসকলক বিহু সংস্কৃতিৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে তাই আহোম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিয়ে ৷ দৈগ্ৰোং দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ত দহ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিহু নাচৰ কৰ্মশালা । প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ।
এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে বিভিন্ন বিহুমঞ্চত বিহু নাচি সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা নুমলীগড় নগৰাঞ্চলৰ বাসিন্দা লগতে বিহুৰাণী সংস্কৃতি দেউৰীয়ে ৷ এই দহ দিনীয়া কর্মশালাৰ শুকুৰবাৰে সামৰণি পৰাৰ লগতে পালন কৰা হয় এক ব’হাগী আদৰণিৰ অনুষ্ঠান ।