গোলাঘাট,১৪ জুনঃ গোলাঘাট জিলাৰ নুমলীগড়ৰ বিহৰা সপ্তাহিক গৰু বজাৰত উত্তেজনা ৷ পৰিচালনা সমিতিয়ে দেওবাৰে লক ডাউনৰ পিছতেই পুনৰ খোলাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । যি সময়ত সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো ইজনৰ পিছত সি জনকৈ ক'ৰণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা বাঢ়িব ধৰিছে, সেই সময়তে কি দৰে দেওবাৰৰ পৰা বজাৰ খন খুলিবলৈ অনুমতি প্ৰদান কৰা হ'ল তাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় লোক সকল।
ইপিনে উত্তেজিত লোকে ভাঙি লণ্ড-ভণ্ড কৰে বজাৰ খনৰ বাঁহৰ বেৰীকেড বোৰ । অসমৰ ভিতৰতে বৃহৎ এই গৰু বজাৰ খনলৈ অসমৰ বিভিন্ন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও গৰু কিনা -বেচা কৰিবলৈ বহু লোকৰ আগমন হয় । আনহাতে চৰকাৰে সকলোকে সামাজিক ব্যবধান বৰ্তাই ৰাখিবলৈ আহ্বান জনায় আহিছে তাৰ পৰিপ্ৰেক্ষিত বজাৰ খন খুলি দিয়াৰ বাবে অধিক লোক সমবেত হােৱাৰ ফলত পালন কৰিব নোৱাৰিব সামাজিক ব্যৱধান সেই বাবেই আতংকিত হৈ ৰাইজে বজাৰ খন বন্ধ কৰি দিয়ে।
উল্লেখযোগ্য যে বজাৰ খনৰ চাৰিওফালে বহু পৰিয়ালৰ ঘৰৰ লগতে বাগান সংলগ্ন হৈ আছে। ইফালে নিকটবৰ্তী কুৰুৱাবাহীত দুজনকৈ কৰ'ণা আক্ৰান্ত ব্যক্তি পোৱা গৈছে। তেনে পৰিপ্ৰেক্ষিতত বিহৰা বজাৰ খন খুলি দিলে অধিক ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰি ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : মালিগাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ আশংকা