ETV Bharat / state

বানাক্ৰান্তৰ খবৰ ল’লে কৃষিমন্ত্ৰী অতুল বৰাই

গোলাঘাটৰ নুমলীগড়ত বানে সৰ্বস্বান্ত কৰা বানাকান্তসকলৰ সমস্যাৰ বুজ ল’লে কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই । বানাক্ৰান্তসকলক সহায় কৰাৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ।

author img

By

Published : Jul 19, 2019, 2:38 PM IST

বানাক্ৰান্তৰ খবৰ ললে কৃষিমন্ত্ৰী অতুল বৰাই

গোলাঘাট,১৯জুলাই : গোলাঘাট নুমলীগড়ত বানে সৰ্বস্বান্ত কৰা বানাক্ৰান্তসকলৰ মাজত শুকুৰবাৰে উপস্থিত হয় মন্ত্ৰী অতুল বৰা । জিলাখনৰ নুমলীগড়ৰ ডিচৈ পঞ্চায়তৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই । নাৱত উঠি মন্ত্ৰীগৰাকীয়ে অঞ্চলে-অঞ্চলে গৈ বানাক্ৰান্তৰ ক্ষয় ক্ষতিৰ বুজ লয় । ৰাজ্যত হোৱা দ্বিতীয়টো বানত ডিচৈ পঞ্চায়তৰ প্ৰায় ২০ খনৰো অধিক গাঁৱৰ পাঁচ শতাধিক পৰিয়াল পৰিছিল ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত । মন্ত্ৰী গৰাকীয়ে এই বানাক্ৰান্ত সকলৰ বিভিন্ন সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে চৰকাৰে বানে বিধ্বস্ত কৰা কৃষক সকলৰ খেতি পথাৰ প্ৰতি লক্ষ্য ৰাখি উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কয় । ইফালে, যিসমূহ মথাউৰি ছিঙিছে, সেইসমূহ অতি শীঘ্ৰে মেৰামতি কৰা হ'ব বুলিও আশ্বাস মন্ত্ৰী অতুল বৰাৰ ।

Intro:গোলাঘাট নুমলীগড় ত বানাক্ৰান্ত ৰ কাষত মন্ত্ৰী অতুল বৰা । নাও লৈ অঞ্চলে অঞ্চলে গৈ বানাক্ৰান্তৰ দুখ দুৰ্দশা ৰ বুজ ললে মন্ত্ৰী গৰাকীয়ে ।
Body:গোলাঘাট জিলাৰ নুমলীগড়ৰ ডিচৈ পঞ্চায়তৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ললে কৃষি মন্ত্ৰী তথা বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰাই । নাও লৈ মন্ত্ৰী গৰাকীয়ে অঞ্চলে অঞ্চলে গৈ বানাক্ৰান্ত ৰ ক্ষয় ক্ষতিৰ বুজ লয় । এই বাৰ বানত ডিচৈ পঞ্চায়ত প্ৰায় ২০ খনৰো অধিক গাঁওৰ পাঁচ শতাধিক পৰিয়াল পৰিছিল ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত । মন্ত্ৰী গৰাকীয়ে এই বানাক্ৰান্ত সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰাৰো আশ্বাস প্ৰদান কৰে । লগতে মন্ত্ৰী গৰাকীয়ে চৰকাৰে বানে বিধ্বস্ত কৰা কৃষক সকলৰ খেতি পথাৰ প্ৰতি লক্ষ্য ৰাখি উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস প্ৰদান কৰে । যি সমূহ মথাউৰী বানপানীয়ে চিঙি নিলে সেই সমূহ অতি সোনকালে মেৰামতি কৰাৰ কথাও কয় । আনহাতে অঞ্চলটোৰ লোক সকলে বানপানীৰ সময়ত মন্ত্ৰী গৰাকীয়ে খবৰ নোলোৱাৰ অভিযোগ আনি মন্ত্ৰী গৰাকীৰ উপস্থিতিত ক্ষোভ উজাৰে লোক সকলে । আৰু চৰকাৰে বান সাহাৰ্য উচিত পৰিমানে নিদিয়াৰো অভিযোগ কৰে বানাক্ৰান্ত সকলে ।Conclusion:Byte 1 : অতুল বৰা
Byte 2 : ভুক্তভোগী
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.