ETV Bharat / state

দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ; ক’ত দেখা পাব এই মণ্ডপ ? - EXCEPTIONAL DURGA PUJA PANDAL

Durga Puja: ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উছাহ ৷ পূজা সমিতি সমূহে ভক্তক আকৰ্ষণৰ বাবে ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Durga Puja pandal in Guwahati
ৰিহাবাৰী বিলপাৰ দুৰ্গা পূজা (ETV Bharat Assam)

গুৱাহাটী, ৬ অক্টোবৰ: ৰাজ্যজুৰি চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি । শাৰদীয় উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী । মহানগৰীতো পূজা কমিটীসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লাখ লাখ টকা ব্যয় কৰি বিভিন্ন আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণ কৰিছে ।

ব্যতিক্ৰমী আৰ্হিত পূজাৰ মণ্ডপ

এইবাৰ বিলপাৰ দুৰ্গা পূজা কমিটীয়ে ব্যতিক্ৰমী আৰ্হিত পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে । পৰিৱেশ অনুকূল বাঁহেৰে পূজা মণ্ডপ নিৰ্মাণ কৰিছে । পূজা কমিটীৰ সাধাৰণ সম্পাদক দেবব্ৰত সাহাই এই সন্দৰ্ভত কয়, "পৰিৱেশ অনুকূল আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে । বাঁহেৰে মণ্ডপটো নিৰ্মাণ কৰা হৈছে । মণ্ডপটোত কুলা, পাচি, চালনীৰে ডিজাইন কৰা হৈছে, যাতে নৱপ্ৰজন্মই বাঁহৰ সামগ্ৰীৰ স'তে চিনাকী হ’ব পাৰে । "

দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ (ETV Bharat)

বাঁহৰ সা-সামগ্ৰীৰে নিৰ্মাণ পূজা মণ্ডপ

পূজা সমিতিৰ কাৰ্যকৰী সভাপতি অনিৰুদ্ধ ৰায়চৌধুৰীয়ে কয়, ‘‘ৰিহাবাৰী বিলপাৰ দুৰ্গা পূজা কমিটীয়ে প্ৰতি বছৰে জনপ্রিয়তা অর্জন কৰি আহিছে । এইবেলিও ৰিহাবাৰী বিলপাৰ দুর্গা পূজা কমিটীয়ে নতুনত্বৰে বিশেষ আকৰ্ষণ কৰিব পৰাকৈ পৰিৱেশ অনুকূল বাঁহৰ কুলা, জাপি, টুকুৰী, ডলাৰে মণ্ডপৰ পৰা আৰম্ভ কৰি মূলগেটলৈ বাঁহেৰে সজাই পৰাই তুলিব চেষ্টা কৰিছো ।"

তেওঁ পুনৰ কয়, "ৰিহাবাৰী বিলপাৰ পূজা কমিটীয়ে বাঁহৰ সা-সামগ্ৰীৰে নিৰ্মাণ কৰা প্ৰতিমা সাস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা সন্মান লাভ কৰাৰ পিচতে গুৱাহাটীৰ মিউজিয়ামত সংৰক্ষণ কৰিছে । প্ৰতি বছৰে ৰিহাবাৰী পূজা কমিটীয়ে আকৰ্ষণীয় বিষয়বস্তুৰ জৰিয়তে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।"

ৰিহাবাৰী দুর্গা পূজা কমিটীয়ে ৯ অক্টোবৰত সন্ধিয়া ৬-০০ বজাত শুভৰাম্ভণি কৰিব । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সংগীত শিল্পী মণিষা হাজৰিকা আৰু আৰক্ষী সঞ্চালক প্রধান জি পি সিং। পূজাৰ তিনি দিনত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:৪৫ লাখ টকাৰ বাজেটেৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি: বলি দিব ৫২ টা ম'হ - DURGA PUJA 2024

বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী - Vishwakarma Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.