ETV Bharat / state

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত লোক সংস্কৃতিৰ সাধক চন্দেশ্বৰ গগৈ - Chandeshwar gogoi

এগৰাকী প্ৰচাৰ বিমুখ প্ৰবীণ অনাতাঁৰ শিল্পী। লোক সংস্কৃতিৰ সাধক চন্দেশ্বৰ গগৈয়ে আজিও নাপালে শিল্পী পেঞ্চন আৰু অন্যান্য চৰকাৰী সুবিধা। আজিও অৱহেলিত হৈছে অসমীয়া লোক সংস্কৃতিৰ সাধক প্ৰবীণ অনাতাঁৰ শিল্পীগৰাকী।

Golaghat
Golaghat
author img

By

Published : Oct 6, 2020, 5:40 PM IST

গোলাঘাট, 6 অক্টোবৰ : এগৰাকী প্ৰবীণ অনাতাঁৰ শিল্পী, নাম চন্দেশ্বৰ গগৈ। শিৱসাগৰত জন্ম লাভ কৰা ব্যক্তি জনে কৰ্মসূত্ৰে বৰ্তমান গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী অঞ্চলৰ বাসিন্দা। সৰুৰে পৰা লোকসংস্কৃতিৰ প্ৰতি ধাৱমান প্ৰবীণ শিল্পী গৰাকীয়ে বিহুগীত, বনগীত, লোকগীত, দেহবিচাৰ গীত, টোকাৰী গীতৰ এগৰাকী নিপুণ শিল্পী প্ৰাণৰ পৰিচয় দি নৱপ্ৰজন্মক লোক সংস্কৃতিৰ প্ৰতি উদ্ভাষিত কৰি আহিছে। কিন্তু দুখৰ বিষয় শিল্পী গৰাকীয়ে বৰ্তমানেও নাপালে কোনো চৰকাৰী সুবিধা।

লোক সংস্কৃতিৰ সাধক চন্দেশ্বৰ গগৈ

লগতে পঢ়কঃ চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

বঞ্চিত হ'ল শিল্পী পেঞ্চনৰ পৰা। ৭৭বছৰ বয়সতো নাপালে কোনো চৰকাৰী আঁচনি। আনহাতে ৬০ দশকতে আকাশবাণী আৰু দূৰদৰ্শনত টোকাৰী গীত, বিহু গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল এই গৰাকী লোক সংস্কৃতিৰ নীৰৱ সাধক গৰাকীয়ে।

লোক সংস্কৃতিৰ সাধক গৰাকীয়ে আজীৱন লোক সংস্কৃতিৰ পথাৰখনত নতুন চমক দি আহিছে ৷ অনাগত দিনটো অসমৰ লোক সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যাব পৰাকৈ সুবিধা দিবৰ বাবে তেখেতে আহ্বান জনাইছে চৰকাৰক।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.