গোলাঘাট, 3 নৱেম্বৰঃ গোলাঘাটত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান । গোলাঘাট আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচত দেওবাৰে অন্য এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, গোলাঘাট ৰূপ নগৰত শনিবাৰে অভিযান চলাই বাবুল আলিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাৰ পাচতে পাঁচ আলিৰ পৰা গ্ৰেপ্তাৰ কৰে শুভ্ৰজ্যোতি শৰ্মাক । এই দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে বাবু দাস নামৰ অন্য এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । তাৰোপৰি সৰবৰাহকাৰীজনৰ জিম্মাৰ পৰা কিছু পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে । ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইটাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।