গোলাঘাট, 6 আগষ্টঃ যিসময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসা সেৱাখণ্ডৰ আমূল পৰিৱৰ্তনৰ লগতে গ্ৰাম্য স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰৰ প্ৰসংগ বাৰম্বাৰ উত্থাপন কৰিছে আৰু বিভাগীয় মন্ত্ৰীয়ে চাডেন ভিজিত দি চমক সৃষ্টি কৰিছে সেই সময়তে গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰামুখৰ প্ৰায় 72 খন গাঁৱক সামৰি থকা একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিলক্ষিত হৈছে কৰ্মচাৰীৰ ব্যাপক কৰ্মসংস্কৃতিহীনতা ৷ লক্ষাধিক জনবসতিৰ চিকিৎসা সেৱাৰ বাবে স্থাপিত স্বাস্থ্য কেন্দ্ৰটোত আছে মাত্ৰ এজন স্থায়ী আৰু এজন অস্থায়ী চিকিৎসক ৷ তাৰোপৰি চিকিৎসকৰ সময়ানুৱৰ্তিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসক বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতিৰ সন্মুখীন হোৱা ৰোগীয়ে ৷ আনহাতে চিকিৎসকৰ সেৰেঙা উপস্থিতিত স্বাস্থ্য কেন্দ্ৰটোত ৰোগী পৰীক্ষণৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে নূপুৰ বৰা নামৰ ফাৰ্মাচিষ্টজনে ৷ চৰকাৰী দায়িত্ব পালনৰ নামত হেমাহি তথা কৰ্মসংস্কৃতিক ধোঁৱা চাঙত উঠোৱা এনেধৰণৰ চিকিৎসক কৰ্মচাৰীৰ ওপৰত স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ৷
চিকিৎসক বিহীনভাৱে ভাৱে চলিছে গোলাঘাটৰ এখন চিকিৎসালয় - নূপুৰ বৰা
গোলাঘাটৰ এখন চৰকাৰী চিকিৎসালয়ত ফাৰ্মাচিষ্টে চলাইছে চিকিৎসা। নাই চিকিৎসক ৷ ফাৰ্মাচিষ্টে কাণত ষ্টেটিচস্কোপ লৈ পৰীক্ষা নিৰীক্ষা কৰিছে ৰোগীৰ। ৰোগ পৰীক্ষা কৰি দৰবো দিছে ৰোগীক ।
গোলাঘাট, 6 আগষ্টঃ যিসময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসা সেৱাখণ্ডৰ আমূল পৰিৱৰ্তনৰ লগতে গ্ৰাম্য স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰৰ প্ৰসংগ বাৰম্বাৰ উত্থাপন কৰিছে আৰু বিভাগীয় মন্ত্ৰীয়ে চাডেন ভিজিত দি চমক সৃষ্টি কৰিছে সেই সময়তে গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰামুখৰ প্ৰায় 72 খন গাঁৱক সামৰি থকা একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিলক্ষিত হৈছে কৰ্মচাৰীৰ ব্যাপক কৰ্মসংস্কৃতিহীনতা ৷ লক্ষাধিক জনবসতিৰ চিকিৎসা সেৱাৰ বাবে স্থাপিত স্বাস্থ্য কেন্দ্ৰটোত আছে মাত্ৰ এজন স্থায়ী আৰু এজন অস্থায়ী চিকিৎসক ৷ তাৰোপৰি চিকিৎসকৰ সময়ানুৱৰ্তিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসক বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতিৰ সন্মুখীন হোৱা ৰোগীয়ে ৷ আনহাতে চিকিৎসকৰ সেৰেঙা উপস্থিতিত স্বাস্থ্য কেন্দ্ৰটোত ৰোগী পৰীক্ষণৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে নূপুৰ বৰা নামৰ ফাৰ্মাচিষ্টজনে ৷ চৰকাৰী দায়িত্ব পালনৰ নামত হেমাহি তথা কৰ্মসংস্কৃতিক ধোঁৱা চাঙত উঠোৱা এনেধৰণৰ চিকিৎসক কৰ্মচাৰীৰ ওপৰত স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ৷
Body:গোলাঘাট জিলাৰ মহুৰামুখৰ প্ৰায় ৭২ খন গাঁৱৰ এক মাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰ। যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ কথা কৈ আছে , যি সময়ত বিভাগীয় মন্ত্ৰীয়ে চাডেন ভিজিত দি চমক সৃষ্টি কৰিছে সেই সময়তে বোকাখাট বিধানসভা সমষ্টিৰ প্ৰায় ৭২ খন গাঁৱৰ লক্ষাধিক জনবসতি ৰ চিকিৎসা ৰ বাবে এইখন চিকিৎসালয় নাই চিকিৎসক । কিন্তু চিকিৎসালয় খনত নাই চিকিৎসক। এজন স্থায়ী ডাঃ আৰু এজন অস্থায়ী চিকিৎসক থকা চিকিৎসালয় খনত ৰোগীয়ে চিকিৎসক বিচাৰি হাবাথুৰি খাব লগা হৈছে । ইফালে বান পানীৰ পিছত নানান ৰোগত আক্ৰান্ত হোৱা গাঁৱবাসী সকলে চিকিৎসা সেৱা আগবঢ়াবলৈ নাই কোনো চিকিৎসক । আৰু এতিয়া চিকিৎসালয় খনৰ নূপুৰ বৰা নামৰ ফাৰ্মাচিষ্ট জনে চলাইছে চিকিৎসালয়, ৰোগী চাব লগা হৈছে ফাৰ্মাচিষ্ট য়ে । এনেদৰে এতিয়া ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহৰ চিকিৎসালয় সমূহত চলিছে চিকিৎসাৰ নামত ভেকুভাৱনা । ইমানৰ পিছতো চিকিৎসা বিভাগত আমূল পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰ খনে এই সমূহ চিকিৎসালয়ৰ ক্ষেত্ৰত বা এই সমূহ পাল মৰা চিকিৎসকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ?Conclusion:Byte 1 : নুপুৰ বৰা ,ফাৰ্মাচিষ্ট
Byte 2 : ৰোগী
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম