ETV Bharat / state

Girl rescued in Bihar: বিহাৰৰ পৰা উদ্ধাৰ মেৰাপানীৰ যুৱতী - Girl rescued in Bihar

চাকৰিৰ প্ৰলোভন দি বহিঃৰাজ্যত বন্দী মেৰাপানীৰ যুৱতীক । বিহাৰৰ এটা দুষ্ট চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিলে নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে (Girl from Merapani rescued in Bihar) । মেৰাপানীৰ যুৱতীগৰাকীক বিহাৰৰ পৰা উদ্ধাৰৰ পাচতে সৃষ্টি হৈছে চাঞ্চল্য ।

Girl from Merapani rescued in Bihar
বিহাৰৰ পৰা উদ্ধাৰ মেৰাপানীৰ যুৱতীক
author img

By

Published : Apr 22, 2023, 1:43 PM IST

বিহাৰৰ পৰা উদ্ধাৰ মেৰাপানীৰ যুৱতীক

মেৰাপানী,২২ এপ্ৰিল: ৰাজ্যত পুনৰ সক্ৰিয় হৈছে নাৰী সৰবৰাহকাৰী চক্ৰ । চাকৰিৰ প্ৰলোভন দি ফুচুলাই নি বহিঃৰাজ্যত দুষ্টচক্ৰৰ হাতত বিক্ৰী কৰাৰ এক জাল পাতিছে নাৰী সৰবৰাহকাৰী চক্ৰটোৱে । এইবাৰ মেৰাপানীৰ যুৱতীক প্ৰৱঞ্চনাৰে বিহাৰত কাম দিম বুলি প্ৰলোভন দি গতাই দিছিল দুষ্ট চক্ৰৰ হাতত (Assam girl recovered) ।

মেৰাপানীৰ বিজয়পুৰৰ এগৰাকী যুৱতীক মেৰাপানীৰ চলংপথাৰ অঞ্চলৰে আন এগৰাকী যুৱতীয়ে বিহাৰৰ পৰা ফোন কৰি চাকৰি দিব বুলি এজন এজেণ্টৰ সৈতে কথা পতাই দিয়ে । তেওঁলোকে কোৱা মতে প্ৰাৰ্থীয়ে ২৪ হাজাৰ টকা দি এটা চৰকাৰী ঔষধৰ কোম্পানীত চাকৰিত যোগ দিব পাৰিব । তাৰ লগতে নানা ধৰণৰ প্ৰলোভন দিয়ে যুৱতীগৰাকীক (Girl from Merapani rescued in Bihar)।

এই প্ৰলোভনত ভোল গৈ যুৱতীগৰাকী চাকৰিৰ সন্ধানত বিহাৰৰ সমষ্টিপুৰ অঞ্চলত উপস্থিত হয় । কিন্তু তাত গৈ পোৱাৰ পাচতে ওলাল উৰহী গছৰ ওৰ । দুষ্ট চক্ৰটোৱে এনেদৰে যুৱতীসকলক নি একপ্ৰকাৰ বন্দী কৰি লগৰ আন যুৱতীসকলকো ফোন কৰি চাকৰিত যোগদানৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ বাধ্য কৰে (Girl rescued in Bihar) ।

ইতিমধ্যে যুৱতীগৰাকী প্ৰৱঞ্চিত হ'ল বুলি বুজি পায় অসমলৈ ঘূৰি আহিব বিচৰাত তেওঁক বন্দী কৰি থয় । ইয়াৰ পাচতে তেওঁ ফোন কৰি পৰিয়ালৰ লোকক কথাখিনি জনোৱাৰ লগতে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ মেৰাপানী আঞ্চলিকৰ সমিতিৰ কৰ্মী পাৰিজাত চেলেঙৰ সৈতে যোগাযোগ কৰি এ আই এছ এফৰ জিলা সম্পাদক যদু বৰাক বিষয়টো অৱগত কৰে (Assam girl recovered from Bihar) ।

ইয়াৰ পাচতে যদু বৰাই এআইএছএফৰ ৰাজ্যিক সম্পাদক মানস বৰাক অৱগত কৰি বিহাৰ এআইএছএফৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰে । বিহাৰ এআইএছএফ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বিষয়ববীয়াসকলে আৰক্ষীৰ সহযোগত অৱশেষত যুৱতীগৰাকীক দুষ্ট চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰি পিতৃৰ হাতত গতাই দিয়ে ।

ইতিমধ্যে অসমৰ অভিমুখে ৰে'লযোগে ৰাওনা হৈছে যুৱতীগৰাকী আৰু তেওঁৰ পিতৃ । ইফালে যুৱতীগৰাকীয়ে জনোৱা অনুসৰি এই প্ৰৱঞ্চক চক্ৰৰ হাতত অসমৰে বহুতো যুৱক-যুৱতী পণবন্দী হৈ আছে । তেওঁলোকে সকলোকে অসমলৈ ফোন কৰাই আৰু যুৱক-যুৱতীক প্ৰলোভিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ।

লগতে পঢ়ক: Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.