গোলাঘাট,17 জুলাইঃ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে নুমলীগড়ত বান পৰিস্থিতি পৰিদৰ্শন কৰে। নুমলীগড় বিভিন্ন বানপীড়িত অঞ্চললৈ গৈ উপস্থিত হয় সাংসদ গৰাকী । নিজ সংসদীয় সমষ্টি কলিয়াবৰৰ বহু ঠাই এতিয়া পানীৰ তলত। ইফালে নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজপথত ঠায়ে ঠায়ে একাঠু বোকা। চাৰিচকীয়া বাহন নিব নোৱাৰী বুলেটত উঠি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ৷ গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ কলিয়াবৰ সমষ্টিৰ বংকুৱাল অঞ্চল।
বানপীড়িত অঞ্চলৰ সমস্যাৰ বুজ লোৱাৰ পিছতেই দেওবাৰে পশু ধনৰ ঘাহ কাটিবলৈ গৈ নাও দুর্ঘটনা হৈ কৰুণ মৃত্যু সাৱটি লোৱা মন্দ্ৰেশ্বৰ দলেৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে সাংসদ গৌৰৱ গগৈয়ে।
লগতে পঢ়কঃ উৰাবাতৰিৰ বাবেহে ঘটিছিল পালঘৰৰ গণহত্যাৰ ঘটনা