সৰুপথাৰ, 15 জুন : বৰপথাৰত গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত ৷ গোলাঘাট জিলাৰ বৰপথাৰ পৌৰ সভাৰ অন্তৰ্গত সেনমাটিৰ সমীপত সোমবাৰে বিয়লি অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত হোৱাত এক আতংকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।
উল্লেখ্য যে, উক্ত অঞ্চলটোত এটা বিদ্যুতৰ খুটা ভাঙি যোৱাত খুটাটো বদলি কৰিবৰ বাবে বিদ্যুতৰ কৰ্মচাৰীয়ে এটা গাত খান্দোতেই উক্ত ঠাইত তলত থকা গেছ পৰিবাহী পাইপত লাগি পাইপ ফাটি যোৱাত গেছ নিৰ্গত হয় । যাৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে । শেষত আৰক্ষী, জুই নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত গেছ নিৰ্গত হোৱাতো বন্ধ কৰা হয় ।