ETV Bharat / state

মুক্তিযোদ্ধা ঘন মহন্তৰ পৰলোক প্ৰাপ্তি

author img

By

Published : Jun 6, 2021, 1:25 PM IST

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী ঘন মহন্তই শনিবাৰে নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ ক'ভিড 19 ত আক্ৰান্ত হৈ মুক্তি যুঁজাৰু গৰাকীৰ মৃত্যু হয় ৷

Freedom Fighter Ghana Mahanta Death
মুক্তিযোদ্ধা ঘন মহন্তৰ পৰলোক প্ৰাপ্তি

সৰুপথাৰ,6 জুন: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ পাভজান গাঁও নিবাসী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী ঘন মহন্ত(৯৬) আৰু নাই । ক'ভিড 19 ত আক্ৰান্ত হৈ শনিবাৰে নিশা প্ৰায় ১০ বজাত বৰ্ষীয়ান মুক্তি যুঁজাৰু গৰাকীয়ে নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । বৰ্ষীয়ান মুক্তি যুঁজাৰুগৰাকীৰ চিকিৎসাৰ যাৱতীয় খৰচ চৰকাৰে বহন কৰিছিল ৷

বৰ্ষীয়ান মুক্তি যুঁজাৰু গৰাকীয়ে ৪ দিন আগতে এজন পুত্ৰক ক'ভিড 19 ৰ বাবে হেৰুৱাইছে । মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ, দুগৰাকী বোৱাৰীৰ লগতে নাতি-নাতিনীক ইহ সংসাৰত এৰি গৈছে । ক'ভিড প্ৰট’কল(Covid protocol) অনুযায়ী নিজ গৃহতে শেষকৃত্য সম্পন্ন কৰা হয় মহন্তৰ ৷ ১৯২৫ চনত জন্ম গ্ৰহণ কৰা ঘন মহন্তই কুশল কোঁৱৰৰ দিনত স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ।

Freedom Fighter Ghana Mahanta Death
মুক্তিযোদ্ধা ঘন মহন্তৰ পৰলোক প্ৰাপ্তি

তেওঁৰ কনিষ্ঠ পুত্ৰ সাংবাদিক হেমন্ত মহন্ত বৰ্তমান ক'ভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । মুক্তি যুঁজাৰু ঘন মহন্তৰ মৃত্যুত বিভিন্ন দল-সংগঠন, জনপ্ৰতিনিধিৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.