বোকাখাত, 7 এপ্ৰিল : অগৰাতলী বনাঞ্চলত অঘটন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত হয় এজন বনকৰ্মী (Forest guard injured in rhino attack in Kaziranga National Park) । আহত বনকৰ্মীজনৰ নাম ৰূপম চেতিয়া ।
জানিব পৰা মতে, বনাঞ্চলখনত তহল দি আছিল তিনিজনীয়া বনকৰ্মীৰ এটা দল । সেই সময়তে কিং-কোব্ৰা বন শিবিৰ এলেকাত তহল দি থকা অৱস্থাতে এজনী মাইকী গঁড়ে অতৰ্কিতে আক্ৰমণ কৰে পহৰাদাৰী তিনিজনীয়া বনকৰ্মীৰ দলটোক । ফলত গুৰুত্বৰভাৱে আহত হয় বনকৰ্মী ৰূপম চেতিয়া ।
গঁড়ৰ আক্ৰমণত ভৰিত আঘাতপ্ৰাপ্ত হোৱা বনকৰ্মীজন ৰাইন'প্ৰটেকস্বন ফ'ৰ্চৰ (SRPF) ৰ জোৱান । তাৰ পাচতেই আহত বনকৰ্মীজনক ততাতৈয়াকৈ বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আহত বনকৰ্মী জনক যোৰহাটলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল