ETV Bharat / state

জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ - বাগৰি বনাঞ্চল

শেহতীয়াকৈ 24 ঘন্টাৰ ভিতৰত নতুনকৈ 8 টা বনশিবিৰ জলমগ্ন হৈছে ৷ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত বানত আক্ৰান্ত বনশিবিৰৰ সংখ্যা বৃদ্ধি পাইছে 70 টাৰ পৰা 78 টালৈ ৷

Flood in Kaziranga
জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ
author img

By

Published : Jun 28, 2020, 12:15 PM IST

কাজিৰঙা, 28 জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমে বৃদ্ধি পাইছে বানৰ প্ৰকোপ । ইয়াৰ লগতে বৃদ্ধি পাইছে বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা ৷ ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰা বানত শেহতীয়াকৈ 24 ঘন্টাৰ ভিতৰত আৰু 8 টা বনশিবিৰ জলমগ্ন হোৱাত বানত আক্ৰান্ত বনশিবিৰৰ সংখ্যা বৃদ্ধি পালে 70 টাৰ পৰা 78 টালৈ ৷

জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনশিবিৰ এলেকাতে সৰ্বাধিক 27 টা বন শিবিৰ জলমগ্ন হৈছে বানত ৷ বানৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ জাকে জাকে ঢাপলি মেলিছে আতংকিত বন্যপ্ৰাণীয়ে । বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ সময়ত পথটোৰে যাতায়ত কৰা একাংশ অবিবেচক লোকে বাহন ৰখাই বন্যপ্ৰাণীৰ ফটো সংগ্ৰহৰ চেষ্টাই বাধাৰ সৃষ্টি কৰিছে বন্যপানীৰ পথ অতিক্ৰমত ৷ আনহাতে বানৰ মাজতে বাগৰি বনাঞ্চলত উদ্ধাৰ হৈছে এটা গঁড়ৰ মৃতদেহ ৷ উদ্যান কৰ্তৃপক্ষৰ গঁড়টো স্বাভাবিক মৃত্যু হোৱাৰ কথা উল্লেখ কৰি খৰ্গটো সুকলমে উদ্ধাৰ কৰাৰ কথা ব্যক্ত কৰে৷ তদুপৰি বানত পৰি আহত হোৱা এটা হৰিণাও বনকৰ্মীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : বানৰ কবলত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.