ETV Bharat / state

জলমগ্ন গোলাঘাট জিলাৰ শতাধিক গাঁও

author img

By

Published : Jul 12, 2020, 2:20 PM IST

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে গোলাঘাট জিলাৰ শতাধিক গাঁও। খুমটাই সমষ্টিৰ নৈপৰীয়া ৰাইজক উদ্ধাৰৰ চেষ্টা বিধায়ক মৃণাল শইকীয়াৰ ৷

flood in Golaghat district
জলমগ্ন গোলাঘাট জিলাৰ শতাধিক গাঁও

গোলাঘাট,12 জুলাইঃ পুনৰবাৰ বানাক্ৰান্তৰ মাজত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। কৰ'ণা সংক্ৰমণৰ সময়ছোৱাত নিজৰ এম্বুলেঞ্চৰ জৰিয়তে আৰ্তজনৰ ওচৰত থিয় দিয়া বিধায়ক মৃণাল শইকীয়া এইবাৰ ব্যস্ত হৈ পৰিছে বানাক্ৰান্ত উদ্ধাৰ অভিযানত। খুমটাই সমষ্টিৰ নৈপৰীয়া ৰাইজক উদ্ধাৰৰ বাবে SDRFৰ লগত দেওবাৰে অভিযান চলাই বিধায়ক মৃণাল শইকীয়াই। পানীৰ মাজত আৱদ্ধ হৈ পৰা শিশু, মহিলাক উদ্ধাৰ কৰে বিধায়ক গৰাকীয়ে। উল্লেখযোগ্য যে, ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে গোলাঘাট জিলাৰ শতাধিক গাঁও। ভয়ংকৰ ভাৱে বৃদ্ধি পোৱা লুইতৰ পানীয়ে দেৰগাঁৱৰ ৫০ খনৰো অধিক গাঁও প্লাৱিত কৰিছে। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া লেমচাপৰি, চমুৱা, শলাবোৱা, চিৰিশটিকা, নতুন চাপৰিকে আদি কৰি ৫০ খনৰো অধিক গাঁও এতিয়া বানৰ কবলত। ইফালে দেৰগাঁৱৰ নেউল গাঁৱৰ মথাউৰি বিচিন্ন হোৱাৰ আশংকা ঘন হৈ পৰিছে । মথাউৰি চিগিলে দেৰগাঁৱৰ শতাধিক গাঁও বানত বুৰ যোৱাটো নিশ্চিত।

জলমগ্ন গোলাঘাট জিলাৰ শতাধিক গাঁও
ইফালে বোকাখাত আৰু কাজিৰঙাৰ বান পৰিস্থিতিও শোচনীয় ৷ মহকুমা প্ৰশাসনে মৰিয়াহোলাৰ পৰা KRF বাউণ্ডেৰী সংযোগী মথাউৰিত থকা শ্লুইচ গেট খুলি দিয়াৰ ফলত মহকুমাটোৰ ৫০ খনৰো অধিক গাঁও প্লাৱিত হৈ পৰিছে ৷ মৰিয়াহোলাৰ পৰা KRF বাউণ্ডেৰী মথাউৰিৰ ওপৰেদি 3টাকৈ অঞ্চলৰ ওপৰেৰে বাগৰিছে পানী ৷ ইফালে বানাক্ৰান্তক উদ্ধাৰৰ বাবে নিয়োজিত কৰা হৈছে SDRF বাহিনী ৷

লগতে পঢ়কঃনতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.