বোকাখাত,14 অক্টোবৰ: ৰাজ্যত পুনৰ বানৰ সংহাৰ(Flood in assam) ৷ আবতৰীয়া বানত ডুবিছে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বিভিন্ন অংশ(Agriculture minister Atul Bora) ৷ মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে কৰা মাটিমাহ, মটৰমাহ, তিল ,শাক-পাচলি এতিয়া পানীৰ তলত ৷
ধনশিৰিমুখ, নিকৰি ,মৰিয়াহোলা, চৱলা', চগুৰি, গাভৰু চাপৰি, ভক্তে চাপৰি, শিয়াল চাপৰি, নাস্তে চাপৰি, এলেংমাৰী, ধনশিৰি হাঁহচোৱাকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ সমগ্ৰ খেতিৰ মাটি ডুব গ'ল ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ আবতৰীয়া বানত । আৰ্থিকভাবে টনকিয়াল নোহোৱা বাবেই কম পৰিমাণৰ চৰকাৰী বীজ ক্ৰয় কৰি আনি নিজা খৰছেৰে কৰা মাটি মাহনী এতিয়া পানীৰ তলত । উল্লেখ্য যে, চৰকাৰী চাকৰিলৈ গুৰুত্ব নেদি ,কৃষিকে সম্বল হিচাপে লোৱা শিক্ষিত যুৱ কৃষকৰ লক্ষাধিক কুইন্টল মাটিমাহ, মটৰমাহ উৎপাদনৰ সপোন এতিয়া তচনচ কৰি পেলালে আহিনৰ আবতৰীয়া বানে ৷
অৱশ্যে গৃহ সমষ্টিৰ কৃষকৰ এই আহুকালৰ সময়ছোৱাটো মন্ত্ৰী অতুল বৰাই নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় কৃষকে ৷ গৃহ সমষ্টিৰ ৰাইজৰ দুখ-দুদৰ্শাৰ প্ৰতি নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা বিধায়কৰ ভূমিকাই ক্ষোভিত কৰি তুলিছে বানাক্ৰান্ত ৰাইজক ৷
উল্লেখ্য যে, এই অধিকাংশ শিক্ষিত কৃষকে চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি নিজক সংস্থাপিত কৰাৰ উদ্দেশ্যৰে কৃষি-কৰ্মত হাত দিয়ে ৷ যথেষ্ট কষ্ট,অৰ্থ ত্যাগ কৰি স্বনিয়োজনৰ তাগিদাৰে একাংশ শিক্ষিত কৃষকে কৃষিকাৰ্য চলাইছিল যদিও সেই কৃষিভূমিৰ দ্বাৰা উপাৰ্জন দূৰৰ কথা, নিয়োজিত ধন কেইটাও লাভ কৰিব নোৱাৰি এতিয়া দুখত ভাগি পৰিছে বোকাখাতৰ কৃষক ৷
দুৰ্ভাগ্যজনক যে, কৃষকে কষ্টৰে উপাৰ্জিত শস্য এতিয়া পানীৰ তলত ৷ নাও চলিছে মাটিমাহৰ খেতিৰ ওপৰত ।
ভুক্তভোগী কৃষকসকলে জনোৱা অনুসৰি স্থানীয় বিধায়ক তথা কৃষি বিভাগৰ লোক বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ পাছতো বানাক্ৰান্তস্থলীত উপস্থিত হোৱা নাই ৷ যি কথাত ক্ষোভ উজৰা পৰিলক্ষিত হৈছে ভুক্তভোগী ৰাইজে ৷ পৰৱৰ্তী খেতিৰ বাবে বিনামূলীয়া সা-সুবিধাৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ দাবী জনাইছে বানাক্ৰান্ত ৰাইজে ।
উল্লেখযোগ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পায় আহিছে ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ যিয়ে অনাগত দিন সন্দৰ্ভত অধিক শংকিত কৰি তুলিছে স্থানীয় ৰাইজক ৷
লগতে পঢ়ক: Erosion in Kalgasia : খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত খাৰবাল্লী প্ৰাথমিক বিদ্যালয়