ETV Bharat / state

গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপঃ আতংকিত গঞা

author img

By

Published : Sep 19, 2020, 9:32 AM IST

ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠি দুখন গাঁৱৰ মাজেৰে পানী সোমাই অহাত গাঁওবাসীৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷ বানপানীৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে নমাটি, শগুণপাৰা, এবানি, ঘূৰীয়া, দলীয়াজলীয়াকে ধৰি চৰাই চাপৰিৰ বহু অঞ্চলৰ ৷

Flood at Golaghat by Brahmaputra
গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপঃ আতংকিত গঞা

গোলাঘাট, 19 ছেপ্তেম্বৰ: গোলাঘাট জিলাৰ দেৰগাঁৱৰ উপকন্ঠ চৰাইচাপৰিত শুকুৰবাৰে আবেলি হঠাৎ ব্ৰহ্মপুত্ৰই ধাৰণ কৰে ভয়াৱহ ৰূপ ৷ ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠি দুখন গাঁৱৰ মাজেৰে পানী সোমাই অহাত গাঁওবাসীৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে এফালৰ পৰা ভাঙি-মোহাৰী লৈ যায় পথ, দলং, ঘৰ-দুৱাৰ, বিদুতৰ খূটা ৷ পানীৰ প্ৰৱল সোঁতে বহু অঞ্চল তচনচ কৰি যোৱাৰ লগতে এই বাঢ়নি পানীয়ে বিনষ্ট কৰে শশ বিঘা কৃষি ভূমি ৷ বানপানীৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে নমাটি, শগুণপাৰা, এবানি, ঘূৰীয়া, দলীয়াজলীয়া কে ধৰি চৰাই চাপৰিৰ বহু অঞ্চলৰ ৷

উল্লেখ্য যে, হঠাৎ অহা এই বাঢ়নী পানীৰ ফলত কেইবাখনো গাঁৱৰ মাজত বিছিন্ন হৈছে যোগাযোগ ব্যৱস্থা ৷ আনহাতে নতুনমাটিৰ চিতলডুবি, বহিখোৱা আদি‌ অঞ্চলো প্লাৱিত হৈছে ৷ ইয়াৰ ওপৰিও উক্ত অঞ্চলত প্ৰৱল খহনীয়াই ভীতিগ্ৰস্ত কৰিছে সাধাৰণ ৰাইজক ৷ প্ৰতি মহুৰ্ততে খহনীয়াৰ ফলত জাহ গৈছে বহু অঞ্চল ৷ খহনীয়াৰ গৰাহত অঞ্চলজুৰি ৰাইজ আতংকিত হৈ থকাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দি সংহাৰী ৰূপ ধাৰণ কৰিলে ব্ৰহ্মপূত্ৰৰ বাঢ়নি পানীয়ে ৷ খহনীয়া আৰু বাঢ়নি পানীৰ প্ৰৱল সোঁতৰ ফলত দলখোৱা আৰু ন-মাটি গাঁৱৰ মাজেৰে সোমাই আহিল এটা সুঁতি ৷ ফলত বৰ্তমান গৃহহাৰা হৈছে শতাধিক পৰিয়াল ৷ উক্ত অঞ্চলটো দেৰগাঁৱৰ উপকন্ঠীয় অঞ্চল হ'লেও মাজুলি আৰু খুমটাই সমষ্টিৰ সীমাত অৱস্থিত ৷

লগতে পঢ়কঃ পিস্তল দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.