ETV Bharat / state

কৃত্ৰিম বানৰ কবলত গোলাঘাটৰ হিন্দু স্কুল চাৰিআলিবাসী - flash flood

এজাক বৰষুণতে নলা-নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত এতিয়া কৃত্ৰিম বানত বুৰিছে গোলাঘাট নগৰৰ হিন্দু স্কুল চাৰিআলি অঞ্চল ৷

flash flood in golaghat
flash flood in golaghat
author img

By

Published : Jun 11, 2020, 4:27 PM IST

গোলাঘাট, 11 জুনঃ কৃত্ৰিম বানৰ কবলত এতিয়া গোলাঘাট নগৰৰ হিন্দু স্কুল চাৰিআলি ৷ এজাক বৰষুণতে নলা-নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত গোলাঘাট পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ অন্তৰ্গত বিস্তৃৰ্ণ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,গোলাঘাট পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ হেমাহিৰ বাবে অঞ্চলটোৰ প্ৰায় ২০ৰ পৰা 25 ঘৰ লোকে কৃত্ৰিম বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷

কৃত্ৰিম বানৰ কবলত গোলাঘাটৰ হিন্দু স্কুল চাৰিআলিবাসী

গড়কাপ্তানী বিভাগৰ অঙীনৰ পথটোৰ দুয়োকাষে থকা নলা-নৰ্দমাসমূহ পৰিস্কাৰ নকৰাৰ বাবে এতিয়া সেইবোৰত জমা হৈছে দ'মে দ'মে জাৱৰ ৷ যাৰ বাবে কৃত্ৰিম বানৰ কবলত পৰি ঘৰতে আবদ্ধ হৈ আছে অঞ্চলটোৰ লোক ৷ সমগ্ৰ পৰিস্থিতি সম্পৰ্কে গোলাঘাট পৌৰসভা আৰু গড়কাপ্তানী বিভাগক অভিযোগ দাখিল কৰা হৈছে যদিও, এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মাজে সময়ে স্থানীয় লোকে নিজৰ জেপৰ টকাৰে নলা নৰ্দমা সমূহ পৰিস্কাৰ কৰে যদিও, পুনৰ জাৱৰ ডোথৰ জমা হৈ পৰে নলা সমূহত ৷ সংশ্লিষ্ট বিভাগলৈ ৰাইজৰ আহ্বান অতি শীঘ্ৰেই যেন ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰি কৃত্ৰিম বানৰ পৰা অঞ্চলটোৰ ৰাইজক উদ্ধাৰ কৰে ৷

লগতে পঢ়কঃ ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.