ETV Bharat / state

দীৰ্ঘদিনৰ অন্তত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক

author img

By

Published : Oct 5, 2021, 5:41 PM IST

মঙলবাৰৰ দিনটোত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক ৷ ইতিমধ্যে কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চল 30 শতাংশ মুকলি কৰি দিয়া হৈছে পৰ্যটনৰ বাবে ।

Kaziranga National Park
দীৰ্ঘদিনৰ অন্তত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক

বোকাখাত, 5 অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পিছতে মঙলবাৰৰ দিনটোত কাজিৰঙালৈ আহিল প্ৰথম গৰাকী বিদেশী পৰ্যটক ৷ ২০২১-২২ পৰ্যটন বৰ্ষৰ পহিলা অক্টোবৰত পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । 22 অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বোকাখাতত গঁড়ৰ খৰ্গ দাহ অনুষ্ঠানত ঘোষণাৰ কৰা পিছতে অক্টোবৰ 1 তাৰিখে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে ৷

ইতিমধ্যে কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ 30 শতাংশ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে । কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া পাছতে বহু পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতেই কাজিৰঙাত মঙলবাৰে উপস্থিত হয় এগৰাকী ইটালীৰ পৰ্যটক ৷ গাদেচুই নিকল নামৰ পৰ্যটক গৰাকীয়ে পুৱাই জীপ চাফাৰীৰে কাজিৰঙাৰ কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰে ৷ কাজিৰঙাত উপস্থিত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিবলৈ পাই সাংবাদিকৰ আগত আনন্দ প্ৰকাশ কৰে ইটালীৰ পৰ্যটক গৰাকীয়ে ৷

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হোৱা বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.