গোলাঘাট, 11 জুন : ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত 20% বৃদ্ধি পাইছে বাঢ়নী পানী ৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বাঢ়নী পানী ৷
বানৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ 37 নং ঘাইপথত বেৰীকেডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই । তদুপৰি, যান-বাহনৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ এই নিৰ্দেশনা অমান্য কৰিলে 5000 টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
![বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-kajiranagaflood-vis1-vis2file-byte1-photo1-asc10012jpg_11062020091700_1106f_1591847220_648.jpg)
লগতে পঢ়ক : 87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ, জোৱানসহ আটক 6 জন