গোলাঘাট, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলিছে ৰাজ্য ৷ তাৰ মাজতেই নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল গোলাঘাটবাসী ৷ মঙলবাৰে নিশা গোলাঘাটৰ শিঙিজানত আসাম গেছ পাইপ লাইনত সংযোগ হয় অগ্নি ৷ গোলাঘাটৰ মেৰাপানী সংযোগী পথৰ শিঙিজান দলঙৰ কাষতে সংঘটিত হয় অগ্নিকাণ্ডটো ৷ গেছ পাইপেৰে গেছ নিৰ্গত হোৱাৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
আনহাতে, স্থানীয় ৰাইজে জুইৰ শিখা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ অতি কম সময়ৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে ৷ কোনো লোকে চিগাৰেট খাই পাইপ লাইনত পেলোৱাৰ ফলত নিৰ্গত হৈ থকা গেছত জুই লাগে বুলি ব্যক্ত কৰে অগ্নিনিৰ্বাপ বাহিনীৰ লোকে ৷
লগতে পঢ়ক-নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মন্তব্য নিদিয়ে ৰাষ্ট্ৰসংঘই